■ কলিয়াবৰৰ সৰুভগীয়াত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটি পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত হয়। যোৰহাটৰ পৰা ধুবুৰী অভিমুখী এখন নৈশ বাছৰ সৈতে ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন ট্রাকত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় লোকে বাছখনৰ পৰা শিশু আৰু মহিলা যাত্ৰীসকলক বাছৰ খিৰিকী ভাগি উদ্ধাৰ কৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বাছৰ চালককে ধৰি আন ১১ জন যাত্ৰীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Assamese | September 8, 2025 3:52 PM | Accident | Akashvani Guwahati | Local news
কলিয়াবৰৰ সৰুভগীয়াত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত