তিনিচুকীয়া জিলাত আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা পৰ্যায়ত আয়োজিত জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত কাৰ্যসূচীত জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে বীৰচা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এই অভিযানৰ অধীনত দেশৰ ভিতৰুৱা অঞ্চলৰ অনগ্ৰসৰ জনজাতীয় লোকসকলক আগুৱাই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আদি কর্মযোগী অভিযানৰ জিলা প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডৰ পাঁচগৰাকী কৰ্মচাৰীয়ে ইয়াৰ প্ৰশিক্ষণ লয়। জিলা আয়ুক্ত জয় শিৱানীয়ে আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকি কৰ্মচাৰীসকলক এই অভিযান সফল কৰি তুলিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে জিলাখনত ৩১ খন জনজাতীয় গাঁও আদি কর্মযোগী অভিযানৰ অধীনত সামৰি লোৱা হৈছে।
Assamese | September 8, 2025 11:17 PM | Akashvani | Akashvani News | Local news | Tinisukia
কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত তিনিচুকীয়া জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত