● ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অধ্যাপক নিযুক্তিকে ধৰি অন্যান্য বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰাৰ উদ্দেশ্যে কালি এখন বৈঠক অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ জীতেন হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰদীপ বৰুৱা, বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক, ড০ ৰূপম শইকীয়া, অর্থনীতি বিভাগৰ অধ্যাপক, ড০ অমৰজ্যোতি মহন্ত, অধ্যাপক যোগীশ্বৰ গোস্বামী, পৰীক্ষা নিয়ন্ত্ৰক ড০ অৰিজিত হাজৰিকা সদস্য আৰু পঞ্জীয়ক পংকজ বৰঠাকুৰ সদস্য সচিব হিচাপে লৈ সমিতিখন গঠন কৰাত অনুমোদন জনায়। কালি সমিতিখনৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়।
Assamese | September 4, 2025 11:22 AM | Akashvani | Akashvani Guwahati | Dibrugarh | Local news
শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে শক্তিশালী সমিতি গঠনৰ উদ্দেশ্যে বৈঠক