October 28, 2025 10:56 AM

views 77

নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ মৰিগাঁও জিলাৰ নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। নিহত লোককেইজন চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আশ্বিক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখযোগ যে জাগীৰোডৰ পৰা নগাঁও অভিমুখে গৈ থকা তেওঁলোকৰ বাহনখন পথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে আৰু বাহনখন চূর্ণ-বিচূর্ণ হয়। দুৰ্ঘটনাত আহত আন দুজন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে।

October 28, 2025 10:50 AM

views 76

বিটিচি সচিবালয়ত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত

● কোকৰাঝাৰৰ বিটিচি সচিবালয়ত কালি বিটিচিৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্ৰশাসনিক আৰু উন্নয়ন বিষয়ক ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত বিটিচিৰ সকলো কাৰ্যবাহী সদস্য, মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে কয়, যে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিত ভূমিপট্টা বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ভূমি আৰু ৰাজহ বিভাগত কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ...

October 24, 2025 6:49 PM

views 74

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ দেহাৱসান

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰয়াত ইন্দ্ৰজিৎ বৰুৱাৰ নশ্বৰ দেহত যোৰহাট প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠানে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

October 24, 2025 6:03 PM

views 70

তামুলপুৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত

তামুলপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত আজি এখন দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ সহযোগত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে জিলাখনৰ সকলো স্কুল কৰ্তৃপক্ষক সামৰি বিদ্যালয়ৰ সুৰক্ষা আৰু দুৰ্যোগৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। বিশেষকৈ ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন কৰা হ'ব। অহা ২৯ অক্টোবৰত পুৱা জিলাখনৰ ৪১ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ভূমিকম্প আৰু অগ্নিনির্বাপন সন্দৰ্ভত অনুশীল...

October 22, 2025 12:16 PM

views 73

অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ গুলীয়াগুলিত এজন উগ্রপন্থী নিহত

● অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ ভয়ংকৰ গুলীয়াগুলিত আজি এজন উগ্রপন্থী নিহত হয়। আলফা স্বাধীনৰ ৭ জনীয়া এটা দলে অৰুণাচলত প্ৰৱেশ কৰাৰ সময়ত সেনাবাহিনীৰ সৈতে সংঘৰ্ষ হয়। নামচাইৰ ছয়মাইলত হোৱা সংঘৰ্ষত আলফাৰ বনজিত অসম নামৰ কেডাৰজনৰ থিতাতে নিহত হয়। নিহত কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ পেঙেৰীৰ ঋতুকঠালগুৰিত বুলি জানিব পৰা গৈছে। ইপিনে সেনাবাহিনীয়ে মঙলবাৰে পুৱতি নিশা অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত এন এছ চি এন কে (ৱাই এ)ৰ শিবিৰত ড্রোনেৰে আক্ৰমণ চলায়। সেনাবাহিনীৰ এই আক্ৰমণত এছ এছ খাপলাঙৰ ভতিজাক...

October 17, 2025 12:31 PM

views 84

যৌন নিৰ্যাতন প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইন ২০১৩ সন্দৰ্ভত ডিব্ৰুগড়ত সজাগতামূলক আলোচনা সভা

● ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত কালি ডিব্ৰুগড় পৌৰ নিগমৰ সভাকক্ষত জিলা সমাজ কল্যাণ বিষয়া প্ৰশান্ত বৰাৰ সভাপতিত্বত কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতন প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইন ২০১৩ সন্দৰ্ভত এখন সজাগতামূলক আলোচনা সভা অনুষ্ঠিত হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী তথা প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত আইনগত বিধি আৰু প্ৰতিটো কাৰ্যালয়তে গঠন কৰিবলগীয়া কমিটিসমূহৰ কৰ্তব্যৰ বিষয়ে আলোচনা কৰা হয় ৷

October 17, 2025 12:28 PM

views 56

ডিব্ৰুগড়স্থিত কানৈ মহাবিদ্যালয়ত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী

● ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান তথা প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ পৃষ্ঠপোষকতাত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মালব্য মিছন শিক্ষক প্রশিক্ষণ কেন্দ্ৰৰ সহযোগত এন ই পি ২০২০ৰ আওতাত অত্যাধুনিক গৱেষণাৰ পৰামৰ্শ শীর্ষক দুদিনীয়া শিক্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্রদীপ কুমাৰ বৰুৱাই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

October 14, 2025 11:38 AM

views 73

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰতিবাদ

ডিব্ৰুগড়ত কালি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ ১৭৭ খন চাহ বাগিচাৰ শ্ৰমিকে চৌকিদিঙি চাৰিআলিত সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কালি সদৌ অসম কোচ ৰাজবংশী ছাত্রসন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলাখনত দুঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

October 13, 2025 8:53 PM

views 53

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি

দৰং জিলা প্ৰশাসনে ছিপাঝাৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে জানিবলৈ দিয়া মতে অঞ্চলটোৰ তিনি নম্বৰ ধলপুৰ গাঁৱৰ ২৫০ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে পৰহিলৈ উচ্ছেদ অভিযান চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দখলীকৃত চৰকাৰী ভূমিত থকা ১৬৭টা পৰিয়াললৈ এমাহ পূৰ্বে জাননী জাৰি কৰা হৈছিল। এই জাননীৰ প্ৰত্যুত্তৰত নিজৰ ভূমিৰ অধিকাৰ বিচাৰি কোনেও এই পর্যন্ত প্র...

October 13, 2025 7:20 PM

views 34

শদিয়া সমজিলাত কাইলৈ মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাত কাইলৈ হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আয়োজন কৰা এই শিবিৰৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতি সন্দৰ্ভত বুজ লয়।