তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। জিলাখনৰ বামুণঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাইপাৰা, বিলপাৰাকে ধৰি ১৩ খন গাঁৱত এই ৰোগ ধৰা পৰিছে বুলি ৰাজ্যিক পশু চিকিৎসা বিভাগে তথ্য প্ৰকাশ কৰিছে। ৰাজ্যিক পশু চিকিৎসালয়ৰ তথ্য অনুসৰি জিলাখনত ৪০০তকৈ অধিক গাহৰি নিধন কৰা হৈছে। এই ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰিবলগীয়া হোৱাত জিলাখনৰ কৃষকসকল ক্ষতিগ্রস্ত হৈছে। পশু চিকিৎসা বিভাগে এই ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰিছে। কালাকুছি, তেতেলীগুৰি, দলংপাৰ আদিকে ধৰি বিভিন্ন স্থানত সজাগতামূলক কর্মশালা অনুষ্ঠিত হৈছে। পশু চিকিৎসা বিভাগে ছোৱাইন ফিভাৰৰ কবলত পৰা অঞ্চলৰ ১ কিলোমিটাৰ ব্যাসার্ধলৈ প্ৰভাৱিত এলেকা আৰু ১০ কিলোমিটাৰলৈ নিৰীক্ষণ এলেকা হিচাপে ধৰি পশুপালকসকলক সচেতন হ’বলৈ আহ্বান জনাইছে।
Assamese | November 11, 2025 6:02 PM | Akashvani | Akashvani News | Local news | Swine flu | swine flu assam
তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত