July 3, 2026 8:28 PM

views 19

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবে গাহৰি পালক চিন্তিত

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমনে সম্প্রতি গাহৰি পালকসকলক আতংকিত কৰি তুলিছে। নগাঁও, লখিমপুৰকে ধৰি বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণত ভালেসংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নগাঁও জিলাৰ চামগুৰি ৰাজহচক্ৰৰ অন্তৰ্গত হালুৱা গাঁৱত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্রমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই অনুসৰি বৰহমপুৰ উন্নয়নখণ্ডৰ অন্তৰ্গ...

June 24, 2026 1:24 PM

views 29

ছোৱাইনফ্লু ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্য চৰকাৰে আফ্ৰিকান ছোৱাইনফ্লুৰ প্ৰাদুৰ্ভাৱলৈ চাই গাহৰি পালন খণ্ডত সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া জৈৱ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এলানি নীতি-নিৰ্দেশনা জাৰি কৰিছে। ২০০৯ চনৰ পশুধন আইন, ১৯৬০ চনৰ জীৱ-জন্তুৰ প্ৰতি ক্ৰুৰতা প্ৰতিৰোধ আইন আৰু আফ্ৰিকান ছোৱাইন ফ্লু সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা অনুসৰি এই নীতি- নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যত যোৱা ১৯ জুনলৈ আফ্রিকান ছোৱাইন ফ্লুৰ ৯টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে।

November 15, 2025 6:40 PM

views 82

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সর্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। গোলাঘাট জিলাত আফ্রিকান ছোৱাইন ফিভাৰৰ প্রকোপ বৃদ্ধি পাইছে। ইতিমধ্যে সৰুপথাৰৰ খনিকৰ গাঁও, মৰঙি আৰু বৰহোলাত এই ৰোগৰ উপস্থিতি নিশ্চিত হৈছে। ৰোগৰ বিস্তাৰ ৰোধৰ বাবে জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰ...

November 13, 2025 7:41 PM

views 70

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত গাহৰি পালক সকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৪ কোটি টকাৰ অনুদান বিচাৰিছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এটা দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে এই জ...

November 11, 2025 6:02 PM

views 59

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। জিলাখনৰ বামুণঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাইপাৰা, বিলপাৰাকে ধৰি ১৩ খন গাঁৱত এই ৰোগ ধৰা পৰিছে বুলি ৰাজ্যিক পশু চিকিৎসা বিভাগে তথ্য প্ৰকাশ কৰিছে। ৰাজ্যিক পশু চিকিৎ‍সালয়ৰ তথ্য অনুসৰি জিলাখনত ৪০০তকৈ অধিক গাহৰি নিধন কৰা হৈছে। এই ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰিবলগীয়া হোৱাত জিলাখনৰ কৃষকসকল ক্ষতিগ্রস্ত হৈছে। পশু চিকিৎসা বিভাগে এই ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰিছে। কালাকুছি, তেতেলীগুৰি, দলংপা...