ছোৱাইনফ্লু ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্য চৰকাৰে আফ্ৰিকান ছোৱাইনফ্লুৰ প্ৰাদুৰ্ভাৱলৈ চাই গাহৰি পালন খণ্ডত সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া জৈৱ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এলানি নীতি-নিৰ্দেশনা জাৰি কৰিছে।

২০০৯ চনৰ পশুধন আইন, ১৯৬০ চনৰ জীৱ-জন্তুৰ প্ৰতি ক্ৰুৰতা প্ৰতিৰোধ আইন আৰু আফ্ৰিকান ছোৱাইন ফ্লু সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা অনুসৰি এই নীতি- নিৰ্দেশনা জাৰি কৰা হৈছে।

ৰাজ্যত যোৱা ১৯ জুনলৈ আফ্রিকান ছোৱাইন ফ্লুৰ ৯টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে।