ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমনে সম্প্রতি গাহৰি পালকসকলক আতংকিত কৰি তুলিছে। নগাঁও, লখিমপুৰকে ধৰি বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণত ভালেসংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।
নগাঁও জিলাৰ চামগুৰি ৰাজহচক্ৰৰ অন্তৰ্গত হালুৱা গাঁৱত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্রমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই অনুসৰি বৰহমপুৰ উন্নয়নখণ্ডৰ অন্তৰ্গত হালুৱা গাঁৱৰ ১০ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত গাহৰি বা গাহৰিৰ মাংসৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। গাঁওখনৰ এক কিলোমিটাৰ ব্যাসার্ধৰ অঞ্চলটো সংক্রমিত এলেকা আৰু ১০ কিলোমিটাৰ ব্যাসার্ধ নিৰীক্ষণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে। এই অঞ্চলৰ পৰা অন্য ঠাইলৈ গাহৰিৰ সৰবৰাহ কৰিব নোৱাৰিব বুলিও নির্দেশটোত স্পষ্ট কৰি দিয়া হৈছে। অঞ্চলটোত কোনো গাহৰিৰ মৃত্যু হ’লে তাৎক্ষণিকভাৱে ওচৰৰ পশুপালন বিভাগৰ লোকক অৱগত কৰিবলৈ কোৱা হৈছে।
একেদৰে লখিমপুৰ জিলাৰ ঢকুৱাখিয়া চিৰিংচুক আৰু সোণাৰি চিৰিংচুক গাঁৱৰ দুজন লোকৰ গাহৰিপামক আফ্রিকান ছোৱাইন ফিভাৰৰ কেন্দ্র বুলি চিনাক্ত কৰা হৈছে। জিলা দণ্ডাধীশে ইয়াৰ পৰিপ্ৰেক্ষিতত এই অঞ্চল দুটাত গাহৰি আৰু গাহৰিৰ মাংস ক্রয় তথা সৰবৰাহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি লখিমপুৰ জিলাৰ অধীনৰ সকলো আৰক্ষী থানা আৰু আৰক্ষী চকীক অনুমতি নোহোৱাকৈ পথৰ কাষত গাহৰি মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নির্দেশ দিছে। ইয়াৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সকলো চক্র বিষয়া আৰু পৌৰসভাক জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নির্দেশ দিয়া হৈছে।