নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদ মেলযোগে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ৫,৯০০ বিঘাৰো অধিক ভূমি দখল হৈ আছিল। তেওঁ কয় যে এই লোকসকলক পর্যাপ্ত সময় দিয়া হৈছে আৰু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত দখলমুক্ত নকৰিলে প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হ’ব।
Assamese | November 17, 2025 6:45 PM | Akashvani | Akashvani Guwahati | Akashvani News | Assam Eviction | Local news | Nagaon
নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু