November 25, 2025 12:54 PM

views 78

ৰাজ্যত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধৰ লগতে সজাগতামূলক ব্যৱস্থা

■ ৰাজ্যৰ কমেও ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলা কেইখনত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্রশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰল গাওঁ এই ৰোগৰ সংক্ৰমনৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰী পালকক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ মৰল গাওঁৰ নিৰ্দিষ্ট গাহৰী পামখনক কেন্দ্ৰ হিচা...

November 24, 2025 7:47 PM

views 44

কাছাৰ জিলাৰ ধলাই সমজিলাত অসম-মিজোৰাম সীমান্ত উৎসৱ অনুষ্ঠিত

অসম আৰু মিজোৰামৰ সীমান্তৱৰ্তী জনগোষ্ঠীসমূহৰ মাজত সৌহাৰ্যপূৰ্ণ সম্পৰ্কৰ বান্ধোন সুদৃঢ় কৰাৰ লগতে সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰতো আন্তঃসম্পর্ক উন্নত কৰাৰ লক্ষ্যৰে আজি কাছাৰ জিলাৰ ধলাই সমজিলাত অসম-মিজোৰাম সীমান্ত উৎসৱ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত ছেলে ফিল্ডত আয়োজন কৰা এই উৎসৱত ৰাজ্য দুখনৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি প্ৰদৰ্শন কৰা হয়। ৰাজ্য দুখনৰ কৃষ্টি-সংস্কৃতি সমজোৱাকৈ তুলি ধৰিবলৈ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, নৃত্য, সাজ-পোচাক ইত্যাদি এই উৎসৱত প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত কাছাৰ জিলাৰ আয়ুক্...

November 20, 2025 8:05 PM

views 32

চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওতাল ছাত্র সন্থাৰ প্রতিবাদী কাৰ্যসূচী

ৰাজ্যৰ ভূমিপুত্ৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদ অনুসৰি শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ভূমিপট্টা প্রদান, চাওতাল হিচাপে জনজাতি প্রমাণপত্র প্রদান, ২০২২ৰ ত্ৰিপাক্ষিক আদিবাসী শান্তি চুক্তিত সম্পন্ন হোৱা প্ৰতিটো দফা শীঘ্ৰেই কাৰ্যকৰীকৰণৰ দাবীত আজি চিৰাং জিলাৰ সুন্দৰীত সদৌ চাওতাল ছাত্র সন্থাই প্রতিবাদী কাৰ্যসূচী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিজেপি চৰকাৰক আহ্বান জনায়।

November 20, 2025 7:43 PM

views 46

দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী

দৰং জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি জিলাখনৰ দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই কাৰ্যসূচী দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শ‍ইকীয়াই পৰিচালনা কৰে। কেন্দ্ৰটোৰ অধীক্ষক ডাঃ ছৈয়দ ইফটিকাৰ ছোভানীয়ে প্রশিক্ষণ কার্যসূচী উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দীপ্তি বৰুৱাই ভাষণ দিয়ে। এই প্রশিক্ষণ অ...

November 20, 2025 7:26 PM

views 41

পাঠশালাৰ জ্যোতিনগৰ নিবাসী, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফনীন্দ্ৰ নাথ হালৈৰ দেহাৱসান

পাঠশালাৰ জ্যোতিনগৰ নিবাসী, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকর্মী ফনীন্দ্ৰ নাথ হালৈৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ।

November 18, 2025 1:04 PM

views 40

প্ৰকৃতিপ্ৰেমী সংগঠন হাতী বন্ধুৰ বিশেষ প্রচেষ্টা

■ নগাওঁ জিলাৰ চাপানলৰ হাতীখলী গাঁৱৰ লগতে বৃহত্তৰ অঞ্চলটোত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে প্ৰকৃতিপ্ৰেমী সংগঠন হাতী বন্ধুৱে বিশেষ প্রচেষ্টা গ্রহণ কৰিছে। প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাৰ নেতৃত্বত তথা গুৱাহাটী জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত হাতী বন্ধুৱে বিগত ৮ টা বছৰৰ দৰে এইবাৰ নৱম বছৰটো বনৰীয়া হাতীজাকক খাদ্য যোগান ধৰাৰ বাবে কাৰ্বিং পাহাৰৰ হস্তীদণ্ডীত থকা হাতীখলী ৰংহাং গাঁৱৰ ২০০ বিঘা ভূমিত ধান খেতি কৰিছে। যোৱা পাঁচটা দিনে জাকে জাকে বনৰীয়া হাতীয়ে এই ধান খোৱাৰ ফলত জনাঞ্চলত হাতীৰ উপদ্ৰৱ...

November 18, 2025 1:24 PM

views 66

অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

● অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, সুলেখক জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। অহা বৰ্ষৰ ১৮ৰ পৰা ২১ জানুৱাৰীলৈ কলিয়াবৰত হ’বলগীয়া নাট্য সন্মিলনৰ অধিৱেশনত শ্ৰী শৰ্মাই সভাপতিত্ব কৰিব। অসম নাট্য সন্মিলনৰ বিগত ৬৩ সংখ্যক বেলশৰ অধিৱেশনতে জিতেন শৰ্মাৰ নাম সভাপতি হিচাপে সন্মিলনৰ সাধাৰণ পৰিষদৰ সভাত নিৰ্বাচিত হৈছিল। অৱশ্যে সাংবিধানিক বিধি অনুযায়ী সভাপতি হিচাপে শ্ৰী শৰ্মাৰ নামটো শেহতীয়া কাৰ্যনিৰ্বাহক সভাতহে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

November 17, 2025 6:45 PM

views 74

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদ মেলযোগে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ৫,৯০০ বিঘাৰো অধিক ভূমি দখল হৈ আছিল। তেওঁ কয় যে এই লোকসকলক পর্যাপ্ত সময় দিয়া হৈছে আৰু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত দখলমুক্ত নকৰিলে প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হ'ব।

November 13, 2025 1:04 PM

views 80

তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ

■ তিনিচুকীয়া জিলাৰ মাকুম উন্নয়ন খণ্ডৰ গোবিন্দপুৰ গাঁৱত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে মাকুম উন্নয়ন খণ্ড, ইটাখুলি উন্নয়ন খণ্ড, মাকুম আৰু তিনিচুকীয়া পৌৰ সভাৰ অধীনৰ এলেকাত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত গাহৰিৰ ক্রয়-বিক্রয় বা গাহৰিৰ খাদ্যকে ধৰি অন্যান্য সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। প্রশাসনে লগতে গোবিন্দপুৰ গাঁৱৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক ‘সতর্কতা মণ্ডল' হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ গোবিন্দপুৰ আৰু ধ...

November 13, 2025 12:28 PM

views 62

মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি

● গহপুৰত মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। দেশৰ ১৪ গৰাকী অগ্রণী মীন উদ্যমীৰ ভিতৰত অসমৰ পৰা প্ৰথমবাৰৰ বাবে শৰ্মাৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে। পৰিচালনা সমিতিখনৰ কাৰ্যকালৰ তিনি বছৰৰ ভিতৰত অসম তথা উত্তৰ-পূবৰ মীন পালনৰ সমস্যা সমাধানৰ বাবে সহায় কৰিব বুলি শ্ৰী শৰ্মাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদৰ চাকৰি ত্যাগ কৰি জাপান, ছিংগাপুৰ আৰু থাইলেণ্ডত মৎস্য উৎপাদনৰ প্ৰশিক্ষণ ...