December 4, 2025 7:07 PM

views 40

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত ১৪ দিনীয়া গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত আজিৰে পৰা ১৪ দিনীয়াকৈ গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰতিষ্ঠানটোৱে ধুবুৰীৰ কমেও ৬০ গৰাকী মহিলাক বাচনি কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। কেইবাগৰাকীও সমল ব্যক্তিয়ে এই কাৰ্যসূচীত প্রশিক্ষণ প্ৰদান কৰিছে।

December 3, 2025 11:28 AM

views 60

বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ টাই-আহোম উন্নয়ন পৰিষদৰ

● টাই-আহোম উন্নয়ন পৰিষদে শিৱসাগৰ নগৰ সমীপৰ বেতবাৰী মৌজাত থকা আহোম ৰাজত্ব কালৰ বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে পৰহি মৈদামৰ চাৰিওকাষে নিৰ্মাণ কৰিবলগীয়া দেৱালৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্রী পীযূষ হাজৰিকাই প্ৰায় ৪৫ লাখ টকা পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই দেৱালখনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে টাই-আহোম উন্নয়ন পৰিষদৰ পুঁজিৰে এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ'ব।

December 3, 2025 11:19 AM

views 128

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন

● শীতৰ আলহী হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। সত্ৰ-সংস্কৃতিৰ পীঠস্থান মাজুলীত ব্ৰহ্মপুত্ৰৰ বালিচৰসমূহৰ লগতে বিভিন্ন নৈ আৰু জলাশয়সমূহত নানান প্ৰজাতিৰ চৰাইয়ে পর্যটকসকলক আকৰ্ষণ কৰিছে। মাজুলীৰ চৰাইচোঙত অহা ৭ ডিচেম্বৰৰ পৰা চৰাইচোং মহোৎসৱ উদযাপন কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতি কাষৰীয়া গাঁওসমূহৰ বিল, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ চৰাইয়ে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে...

December 3, 2025 12:07 PM

views 74

আলফা স্বাধীনৰ ২ সদস্যৰ ডিব্ৰুগড়ত অস্ত্ৰ সম্বৰণ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ দুজন সদস্যই কালি ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ অধীক্ষক অভিজিত গৌৰৱ দিলীপৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে। আলফা সদস্য দুজন অস্তিত্ব অসম আৰু বন অসম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান দুয়োকে জেৰা কৰি আছে।

December 3, 2025 12:00 PM

views 69

অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ’ব

■ ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধেমাজি চিটী কলেজ শাখা সাহিত্য সভাৰ সৌজন্যত মহাবিদ্যালয়খনত অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত জিলাখনৰ সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা আৰু প্ৰশাসনীয় দিশলৈ অনবদ্য অৱদান আগবঢ়োৱা ৬০ বছৰ ঊৰ্ধৰ দুগৰাকী বিশিষ্ট ব্যক্তিক ধেমাজি ৰত্ন বঁটা আৰু ৪০ বছৰ ঊৰ্ধৰ দুগৰাকী ব্যক্তিক ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰা হ'ব।

December 1, 2025 10:41 AM

views 58

মাজুলীৰ চিৰাম দেউৰী গাঁৱত জননেতা ভীমবৰ দেউৰী দিৱস পালন

● দেউৰী পিপলছ জাষ্টিচ ফৰাম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মাজুলী জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে কালি মাজুলীৰ চিৰাম দেউৰী গাঁৱত জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ টেমছ পঙটেকলৈ ২০২৫ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা আগবঢ়োৱা হয়। লখিমপুৰৰ গোবিন্দ বিশ্বকৰ্মাক ভীমবৰ দেউৰী যুৱ বঁটা, গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী লক্ষেশ্বৰ বৰাক ভীমবৰ দেউৰী সমন্বয় বঁটা আৰু অৰুণাচলৰ উদ্যোগপতি কাকু ইজাত টামিনলৈ যুৱ উদ্যোগী বঁটা প্ৰদান কৰা হয়। জননেতা ভীমবৰ দেউৰী বঁটা গ্ৰহণ কৰি অৰ...

December 1, 2025 11:21 AM

views 57

শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ

■ শিৱসাগৰ চহৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ’ব। স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ উৎসৱ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্রধান ড০ কুলধৰ শ‍ইকীয়াই মুকলি কৰিব। এই গ্ৰন্থ উৎসৱৰ কাৰ্যসূচীত সাহিত্য সংস্কৃতিৰ লগত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। ১১ ডিচেম্বৰলৈ হ'বলগীয়া দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি কুইজ, সংগীত, ৰচনা, নৃত্য, কবিতা আবৃত্তি আদিৰ লগতে বহু কাৰ্যসূচী অনুষ্...

November 29, 2025 10:08 PM

views 56

মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ পুনৰ খচৰা প্ৰস্তাৱৰ জাননী

■ মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ বাবে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে আজি পুনৰ খচৰা প্ৰস্তাৱৰ জাননী জাৰী কৰিছে। পৰিষদৰ ৩০ টা সমষ্টিৰ বাবে জিলাখনৰ ৪১০ খন ৰাজহ গাওঁ অন্তর্ভুক্ত কৰি এই জাননী জাৰি কৰা হৈছে। সেই অনুসৰি কাইলৈৰ পৰা ২০ ডিচেম্বৰলৈ এই সম্পৰ্কত কাৰোবাৰ দাবী বা আপত্তি থাকিলে লিখিতভাৱে নডেল বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। এই দাবী আৰু আপত্তি সম্পৰ্কত ২১ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ শুনানি অনুষ্ঠিত হ'ব আৰু ৩১ ডিচেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব।

November 25, 2025 12:47 PM

views 73

কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা অসম মন্ত্ৰীসভাৰ প্ৰস্তাৱক আদৰণি কাৰ্বি আংলঙৰ ৬ প্রাক্তন বিদ্রোহী সংগঠনৰ

■ অসম মন্ত্ৰীসভাই ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা প্ৰস্তাৱক কাৰ্বি আংলং জিলাৰ ছটা প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গই আদৰণি জনাইছে। কালি ডিফুত এখন সংবাদমেলত এই নেতাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে লগতে শান্তি চুক্তিৰ নিৰ্দিষ্ট দফা অনুসৰি ভৈয়ামৰ কাৰ্বিসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীও শীঘ্ৰে পূৰণ হ'ব বুলি আশা প্রকাশ কৰে। তেওঁলোকে কয়, যে ছটা বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ ৮০ শতাংশ ইতিমধ্যে পূৰণ হৈছে আৰু ২০ শতাংশ পৰৱৰ্তী চৰ...

November 25, 2025 12:51 PM

views 43

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

■ সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে অহা পহিলা ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি এক ডিচেম্বৰৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ ১২ বাজি ৫ মিনিটত প্ৰচাৰ কৰা বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে তিনি বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে ৫ মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। সন্ধিয়া ৬ বজাৰ বাতৰি এতিয়া ...