April 21, 2025 6:48 PM

views 65

কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা সভা

কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ কেইবাটাও অঞ্চলত আজি বানৰ সময়ত ল'বলগীয়া সাৱধানতা, ব্যৱস্থা আদি সন্দৰ্ভত প্ৰশিক্ষণ আৰু সজাগতা সভাৰ আয়োজন কৰা হয়। জিলাখনৰ চমৰীয়া, গৰৈমাৰী, ৰঙিয়া আৰু পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহুৱা হাট বজাৰ আৰু বিদ্যালয়সমূহত এই উপলক্ষে এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী আৰু বেচৰকাৰী সংস্থাসমূহে বানৰ সময়ত নিজৰ লগতে আনকো উদ্ধাৰ কৰা তথা প্ৰাথমিক চিকিৎসা প্রদান আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ বানাক্ৰান্ত অঞ্চলসমূহত ৰূপায়ণ কৰা ...

March 6, 2025 5:59 PM

views 67

কামৰূপ জিলা পৰিবহন বিভাগৰ অধীনৰ বাণিজ্যিক বাহনৰ গৰাকীলৈ জিলা পৰিবহন বিভাগৰ জাননী প্ৰেৰণ

কামৰূপ জিলা পৰিবহন বিভাগৰ অধীনৰ কৰ নিদিয়া বাণিজ্যিক বাহনসমূহৰ গৰাকীলৈ জিলা পৰিবহন বিভাগে ৩১ মাৰ্চৰ পূৰ্বে কৰ জমা দিবলৈ জাননী প্ৰেৰণ কৰিছে। বিগত এসপ্তাহ ধৰি বিভাগটোৰ বিষয়া- কৰ্মচাৰীসকলে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে গৈ জাননী দিয়াৰ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰ জমা দিবলৈ আহ্বান জনাইছে। ইয়াৰ অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা পৰিবহন বিষয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। কামৰূপ জিলা পৰিবহন বিভাগে ২০২৪-২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে মুঠ ৫৪ কোটি ৪০ লাখ ৮৬ হাজাৰ ৮৪৫ টকাৰ কৰ সংগ্ৰহ কৰিছে...

January 30, 2025 6:37 PM

views 58

কামৰূপ মহানগৰ জিলাৰ ১৯ গৰাকী অৱসৰ ল’বলগীয়া শিক্ষক-কর্মচাৰীক নথি-পত্ৰ প্রদান

কামৰূপ মহানগৰ জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ পৰা কাইলৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া প্ৰধান শিক্ষক, বিষয় শিক্ষক, সহকাৰী শিক্ষক তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি মুঠ ১৯ গৰাকীক আজি পেন্সন সম্বন্ধীয় প্রয়োজনীয় নথি-পত্ৰসমূহ প্ৰদান কৰা হয়। গুৱাহাটীৰ পাণবজাৰত আয়োজিত অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে অৱসৰ ল'বলগীয়া আটাইগৰাকী শিক্ষক-কর্মচাৰীক এই নথি-পত্ৰসমূহ প্রদান কৰে। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা উপস্থিত থাকে ৷

September 7, 2024 8:59 PM

views 87

কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত সদৌ অসম ফুটবল প্রতিযোগিতা

কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত স্থানীয় মিনি ষ্টেডিয়ামত আজিৰেপৰা প্ৰাক্তন ফুটবল খেলুৱৈ অনন্তৰাম দাস আৰু গণপতি মজুমদাৰ সোঁৱৰণী সদৌ অসম ফুটবল প্রতিযোগিতা অনুষ্ঠিত হয়। আজিৰ উদ্বোধনী খেলখনত ঢোলকুছি সত্যকাম সংঘই কমলপুৰ ফুটবল একাদশক ২-১ গ'লত পৰাস্ত কৰে। খেলখন উদ্বোধন কৰে নলবাৰী জিলা পৰিবহণ বিষয়া ক্ষীৰোদ দাসে।

August 1, 2024 8:44 PM

views 85

গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ক্ষতিপূৰণ আদায়ৰ নির্দেশ কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ

কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগে এটা নির্দেশযোগে গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নির্দেশ দিয়ে। উল্লেখযোগ্য যে এজন গ্রাহকে বেয়া হোৱা মোবাইল ফোনৰ বাবদ কোম্পানীটোৰ পৰা উপযুক্ত সেৱা লাভ নকৰাৰ অভিযোগত উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ ওচৰত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ শুনানি লৈ আয়োগে ৪৫ দিনৰ ভিতৰত মোবাইল ফোনটো মেৰামতি কৰি দিয়াৰ উপৰি গোচৰ দাখিলৰ সময়ৰ পৰা ১০ শতাংশ সুদৰ সৈতে ৪০ হাজাৰ টকাৰ ক্ষতিপূৰণ আৰু গোচৰটো চলোৱাৰ ব্যয় হিচাপে ১০ হাজা...

July 20, 2024 7:22 PM

views 69

শাওন মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

শাওন মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে বশিষ্ঠ আৰু শুক্ৰেশ্বৰ দেৱালয়ৰ কৰ্তৃপক্ষক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে এ পি ডি চি এলক মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ষ্ট্ৰীটলাইটৰ উপযুক্ত ব্যৱহাৰ আৰু পাৰ্কিঙৰ যথাযথ ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। পামহিৰ ভীমশংকৰ মন্দিৰতো ভক্তসকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে শ...

July 4, 2024 1:19 PM

views 68

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত চৰকাৰী আঁচনিসমূহ অন্তৰ্ভুক্তিকৰণৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত থকা আৱাসীসকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা আদি তাৎক্ষণিকভাৱে সমাধান কৰাৰ লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ অনান্য জিলাসমূহৰ বৃদ্ধাবাসৰ আৱাসীৰ সুবিধার্থে এই ব্যৱস্থাসমূহ পৰ্যায়ক্রমে আৰম্ভ কৰাৰ বাবে জিলা প্ৰশাসনসমূহক যথোপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ মুখ্য সচিবক নির্দেশ দিয়ে। উল্লেখযোগ্য যে কামৰূপ মহ...

June 8, 2024 1:53 PM

views 66

নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলাৰ POCSO আদালতৰ

কামৰূপ মহানগৰ জিলাৰ POCSO আদালতে শিশু যৌন নিৰ্যাতনৰ গোচৰত নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে। এটি ১০ বছৰীয়া কন্যা শিশুক যৌন নির্যাতন চলোৱাৰ সন্দৰ্ভত মহানগৰীৰ ভঙাগড় থানাত ২০২২ চনত গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতেই দীৰ্ঘদিন ধৰি শুনানি গ্ৰহণ কৰি কালি আদালতে নৰহৰি বৰ্মনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

June 6, 2024 8:45 PM

views 68

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অৰিয়েণ্টেচন প্ৰগ্ৰেম অন টিচিং মেথড’লজী ফৰ টীচাৰ্ছ অৱ চায়েন্স এণ্ড মেথমেটিকছ শীর্ষক প্রশিক্ষণ কাৰ্যসূচী

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আজি অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত অৰিয়েণ্টেচন প্ৰগ্ৰেম অন টিচিং মেথড'লজী ফৰ টীচাৰ্ছ অব চায়েন্স এণ্ড মেথমেটিকছ শীর্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ মুঠ ৩৩টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ একোজনকৈ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মাধ্যমিক শিক্ষা পৰিষদে ইতিমধ্যে গ্ৰহণ কৰা প্ৰশ্নকাকতৰ ধৰণ পৰিৱৰ্তনৰ ফলত শিক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ সন...

April 3, 2024 8:29 PM

views 92

ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত লোক দুজনৰ পৰা ২০টা মাদক দ্রব্যভর্তি টেমা, ম'বাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। লোক দুজনক ছয়গাঁও থানাত গতাই দিয়া হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে আজি বগৰীজেঙৰ আৰক্ষী ছাউনী খেলপথাৰত বুজন পৰিমাণৰ মাদক দ্রব্য দাহ কৰে। জিলা আৰক্ষী অধীক্ষক, অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষকৰ উপৰি আবকাৰী বিষয়াৰ উপস্থিতিত ২ কোটি ৯৩ লাখ টকাৰ...