August 3, 2025 8:25 PM

views 113

ৰায়পুৰ-জববলপুৰ নতুন এক্সপ্ৰেছ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই আৰু ৰাজ্য বিধানসভাৰ অধ্যক্ষ ড০ ৰমন সিঙে আজি ৰায়পুৰ ৰে’ল ষ্টেচনৰ পৰা পতাকা জোকাৰি ৰায়পুৰ-জববলপুৰ নতুন এক্সপ্ৰেছ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ, মনসুখ মন্দাভিয়া আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন য়াদৱে ভার্চুৱেলী এই অনুষ্ঠানত উপস্থিত থাকে। মুখ্যমন্ত্রী ছাইয়ে কয়, যে যোৱা দশকত চত্তিশগড়ৰ ৰেল বিভাগৰ বাজেট ২১ বাৰ বৃদ্ধি কৰা হৈছে আৰু এই বছৰ বিভাগটোৰ বাবে ৬৯০০ কোটি টকা আৱণ্টন দিয়া হৈছে। তেওঁ কয়, যে চত্তিশগড়ত ৪৭ হাজাৰ কো...

August 3, 2025 2:37 PM

views 71

ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেছনত পতাকা জোকাৰি ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে'লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰেৱাৰ পৰা পুণে আৰু জববলপুৰৰ পৰা ৰায়পুৰলৈ চলাচল কৰিবলগীয়া আন দুখন ৰে'লগাড়ীৰো যাত্ৰা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰে'লৱেৰ সম্প্ৰতি চকুত লগা পৰিৱৰ্তন হৈছে আৰু বিগত এঘাৰ বছৰত দেশত ৩৪ হাজাৰ কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। ভাৱনগৰ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত শ্ৰীবৈষ্ণৱে কয়, যে ৰে'ল সেৱাক সুৰক্ষিত আৰু পৰিষ্কাৰ কৰি ...

August 1, 2025 8:18 PM

views 52

চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছেঃ অনুপ্রিয়া পেটেল

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে জানিবলৈ দিছে যে চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছে। ৰে’ল ষ্টেচনসমূহত জনসাধাৰণ তথা যাত্ৰীসকলৰ বাবে মানসম্পন্ন আৰু ব্যয়সাধ্য ঔষধৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহ মুকলি কৰা হৈছে। লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে প্রধানমন্ত্ৰী ভাৰতীয় জনঔষধী পৰিযোজনাৰ অধীনত সমগ্ৰ দেশতে মুঠ ১৬ হাজাৰ ৯১২টা এনে কেন্দ্ৰ মুকলি কৰা হৈছে। ইয়াৰে ৮ হাজাৰ ৬৬০টা কোন্...

July 18, 2025 1:21 PM

views 80

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

● ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱানিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ সুবিধা কৰাৰ লগে লগে অঞ্চলটো প্ৰত্যক্ষভাৱে দেশৰ সৈতে সংযুক্ত হ'ল। ক’ভিৰ সংক্ৰমণৰ সময়ত এই ৰে’লখন ৰখোৱাৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। এতিয়াৰেপৰা কাৰ্বি আংলঙৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি তে...

July 3, 2025 7:14 PM

views 70

যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কেতবোৰ সালসলনি ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেৰ যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কালিৰেপৰা কেতবোৰ সালসলনি ঘটাইছে। সেই অনুসৰি পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত যাত্ৰা কৰিবলগীয়া ৰে'লগাড়ীৰ ক্ষেত্ৰত আৰক্ষণ তালিকা আগদিনা নিশা ৯ বজাত প্ৰকাশ কৰা হ'ব। দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজা পর্যন্ত যাত্ৰা কৰিবলগীয়া ৰে'লগাড়ীৰ আৰক্ষণ তালিকা যাত্ৰাৰ ৮ ঘণ্টা পূৰ্বে প্ৰকাশ কৰা হ'ব। এই নিয়মাৱলী অৱশ্যে আৰক্ষণৰ দ্বিতীয় তালিকা প্ৰকাশৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি ৰে'ল ব'ৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে ৷

June 29, 2025 8:26 PM

views 73

বদৰপুৰ-লামডিং ৰে’লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে’ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি বদৰপুৰ-লামডিং ৰে'লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে'ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ কৰিছে। আজি দিনত শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখন এই ৰে'লপথেৰে সুকলমে যাত্ৰা কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে জাতিংগা-লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত বদৰপুৰ-লামডিং ৰে’লপথেৰে যাত্ৰা ছদিন ব্যাহত হৈ আছিল। কালি পুৱা কলকাতাৰ পৰা ৰাওনা হোৱা শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপেছে আজি এই পাহাৰীয়া ৰে'লপথছোৱা অতিক্ৰম কৰে। যোৱা ২৩ জুনৰ পৰা ভূমিস্খলনৰ বাবে ডিমা হাছাও আৰু বৰাক উপত্যকাৰ ল...

June 12, 2025 9:08 PM

views 59

বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ সুবিধার্থে ভাৰতীয় ৰে’লৱেৰ আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে’লৰ ব্যৱস্থা

গুজৰাটত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে'লৱেই যাত্ৰীসকলৰ সুবিধার্থে আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে'লগাড়ীৰ চলাচল কৰোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰে এখন ৰে'লগাড়ী দিনৰ চাৰে ১১ বজাত আহমেদাবাদৰ পৰা নতুন দিল্লীলৈ আৰু আনখন দিনৰ ১২ বজাত আহমেদাবাদৰ পৰা মুম্বাইলৈ ৰাওনা হ'ব।

June 11, 2025 8:08 PM

views 67

আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক’চিং ডিপ’ বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ত্ৰিপুৰাৰ পৰা কাশ্মীৰলৈ কৰ্তব্য সম্পাদনৰ বাবে যোৱা সীমান্ত সুৰক্ষা বাহিনী- বি এছ এফৰ বিষয়া আৰু জোৱানক পুৰণি আৰু অনুপযোগী ৰে'লৰ সুবিধা প্ৰদান কৰাৰ বিৰুদ্ধে ইয়াৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক'চিং ডিপ' বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে। শ্রীবৈষ্ণৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা বাহিনীসমূহৰ মৰ্যদা আৰু আৰামক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু এ...

June 11, 2025 8:03 PM

views 66

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব বুলি ৰে'ল মন্ত্ৰালয়ে প্রকাশ কৰিছে। তৎকাল টিকট বুকিঙৰ প্ৰক্ৰিয়াটো অধিক নিকা আৰু স্বচ্ছ কৰি তোলাৰ লগতে যাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ভাৰতীয় ৰে'ল বিভাগে তৎকাল টিকট বুকিং প্ৰণালীৰ কেতবোৰ গুৰুত্বপূৰ্ণ সাল-সলনিৰ কথা ঘোষণা কৰিছে। এই অনুসৰি ১৫ জুলাইৰ পৰা অনলাইনযোগে তৎকাল টিকট বুকিঙৰ বাবে আধাৰ আধাৰিত অ টি পি প্রমাণিকৰণ বাধ্যতামূলক হ'ব।

June 11, 2025 7:45 PM

views 75

৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে’ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে'ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে ভিতৰত ৩ হাজাৰ ৬৩ টকাৰে ৰূপায়ণ কৰিবলগীয়া কোদমা-বৰকাকানা আৰু ৩ হাজাৰ ৩৪২ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া বেল্লাৰি-চিকজাজু ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্প আছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ তথা ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ১৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোমা-বৰকাকানা ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্পই ৯৩৮ খন গাওঁৰ ১৫ লাখৰো অধিক লোক উপকৃত কৰিব। তেওঁ ...