July 3, 2025 7:14 PM

views 61

যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কেতবোৰ সালসলনি ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেৰ যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কালিৰেপৰা কেতবোৰ সালসলনি ঘটাইছে। সেই অনুসৰি পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত যাত্ৰা কৰিবলগীয়া ৰে'লগাড়ীৰ ক্ষেত্ৰত আৰক্ষণ তালিকা আগদিনা নিশা ৯ বজাত প্ৰকাশ কৰা হ'ব। দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজা পর্যন্ত যাত্ৰা কৰিবলগীয়া ৰে'লগাড়ীৰ আৰক্ষণ তালিকা যাত্ৰাৰ ৮ ঘণ্টা পূৰ্বে প্ৰকাশ কৰা হ'ব। এই নিয়মাৱলী অৱশ্যে আৰক্ষণৰ দ্বিতীয় তালিকা প্ৰকাশৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি ৰে'ল ব'ৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে ৷

June 29, 2025 8:26 PM

views 65

বদৰপুৰ-লামডিং ৰে’লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে’ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি বদৰপুৰ-লামডিং ৰে'লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে'ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ কৰিছে। আজি দিনত শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখন এই ৰে'লপথেৰে সুকলমে যাত্ৰা কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে জাতিংগা-লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত বদৰপুৰ-লামডিং ৰে’লপথেৰে যাত্ৰা ছদিন ব্যাহত হৈ আছিল। কালি পুৱা কলকাতাৰ পৰা ৰাওনা হোৱা শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপেছে আজি এই পাহাৰীয়া ৰে'লপথছোৱা অতিক্ৰম কৰে। যোৱা ২৩ জুনৰ পৰা ভূমিস্খলনৰ বাবে ডিমা হাছাও আৰু বৰাক উপত্যকাৰ ল...

June 12, 2025 9:08 PM

views 48

বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ সুবিধার্থে ভাৰতীয় ৰে’লৱেৰ আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে’লৰ ব্যৱস্থা

গুজৰাটত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে'লৱেই যাত্ৰীসকলৰ সুবিধার্থে আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে'লগাড়ীৰ চলাচল কৰোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰে এখন ৰে'লগাড়ী দিনৰ চাৰে ১১ বজাত আহমেদাবাদৰ পৰা নতুন দিল্লীলৈ আৰু আনখন দিনৰ ১২ বজাত আহমেদাবাদৰ পৰা মুম্বাইলৈ ৰাওনা হ'ব।

June 11, 2025 8:08 PM

views 54

আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক’চিং ডিপ’ বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ত্ৰিপুৰাৰ পৰা কাশ্মীৰলৈ কৰ্তব্য সম্পাদনৰ বাবে যোৱা সীমান্ত সুৰক্ষা বাহিনী- বি এছ এফৰ বিষয়া আৰু জোৱানক পুৰণি আৰু অনুপযোগী ৰে'লৰ সুবিধা প্ৰদান কৰাৰ বিৰুদ্ধে ইয়াৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক'চিং ডিপ' বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে। শ্রীবৈষ্ণৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা বাহিনীসমূহৰ মৰ্যদা আৰু আৰামক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু এ...

June 11, 2025 8:03 PM

views 55

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব বুলি ৰে'ল মন্ত্ৰালয়ে প্রকাশ কৰিছে। তৎকাল টিকট বুকিঙৰ প্ৰক্ৰিয়াটো অধিক নিকা আৰু স্বচ্ছ কৰি তোলাৰ লগতে যাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ভাৰতীয় ৰে'ল বিভাগে তৎকাল টিকট বুকিং প্ৰণালীৰ কেতবোৰ গুৰুত্বপূৰ্ণ সাল-সলনিৰ কথা ঘোষণা কৰিছে। এই অনুসৰি ১৫ জুলাইৰ পৰা অনলাইনযোগে তৎকাল টিকট বুকিঙৰ বাবে আধাৰ আধাৰিত অ টি পি প্রমাণিকৰণ বাধ্যতামূলক হ'ব।

June 11, 2025 7:45 PM

views 62

৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে’ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে'ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে ভিতৰত ৩ হাজাৰ ৬৩ টকাৰে ৰূপায়ণ কৰিবলগীয়া কোদমা-বৰকাকানা আৰু ৩ হাজাৰ ৩৪২ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া বেল্লাৰি-চিকজাজু ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্প আছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ তথা ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ১৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোমা-বৰকাকানা ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্পই ৯৩৮ খন গাওঁৰ ১৫ লাখৰো অধিক লোক উপকৃত কৰিব। তেওঁ ...

June 8, 2025 7:46 PM

views 58

মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে’লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ এক্ট-ইষ্ট নীতিৰ অংশ হিচাপে উত্তৰ-পূবত যোগাযোগ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে'লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত আছে। ৰে'ল মন্ত্ৰালয়ে ম্যানমাৰ সীমান্তলৈ এই ৰে'লপথচোৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। ৰে'লপথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে ম্যানমাৰ সীমান্তত মিজোৰামৰ দক্ষিণ অঞ্চলৰ পৰা সীমান্তৰ সিপাৰলৈ বাণিজ্য প্রসাৰত সুবিধা হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ৮,২১৫ কোটি টকাৰ ব্যয় ধাৰ্য কৰা এই ৰে'লপথ প্রকল্...

May 21, 2025 8:05 PM

views 60

প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ...

May 2, 2025 7:04 PM

views 41

ডিজিটেল ঘড়ী বিকশাই তোলাৰ বাবে ভাৰতীয় ৰে’লৱেৰ বিশেষ প্রতিযোগিতাৰ আয়োজন

ভাৰতীয় ৰে'লৱেই দেশজুৰি ৰে'ল ষ্টেচনসমূহত স্থাপন কৰাৰ বাবে ডিজিটেল ঘড়ী বিকশাই তোলাৰ বাবে বিশেষ প্রতিযোগিতাৰ আয়োজন কৰিছে। প্লেটফৰ্ম আৰু ষ্টেচনসমূহত একেধৰণৰ ডিজিটেল ঘড়ী স্থাপনৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা পেছাদাৰী, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তথা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত তিনিটা শাখাৰ বাবে মুকলি কৰা হৈছে। প্ৰথম স্থানপ্রাপ্তগৰাকীক ৫ লাখ তথা তিনিওটা শাকাৰ পাঁচগৰাকীকৈ প্ৰতিযোগীলৈ ৫০ হাজাৰকৈ টকাৰ নিচুকনি পুৰস্কাৰ আগবঢ়োৱা হ'ব। চলিত মাহৰ...

April 9, 2025 3:58 PM

views 58

ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে’ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে: মুখ্যমন্ত্রী

● ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে'ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কয় যে এই প্ৰকল্পৰ অধীনত বিশেষকৈ দিব্যাংগ যাত্ৰীসকলৰ বাবে পানীৰ বুথ, নতুন পদপথ সেতু, উন্নত সঞ্চালন এলেকা আদিৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ ৰে'ল আন্তঃগাঁথনিৰ উন্নয়নেৰে আধুনিক তথা সুলভ ৰে'ল অভিজ্ঞতা প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে বুলি তেওঁ প্ৰকাশ কৰে।