কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে জানিবলৈ দিছে যে চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছে। ৰে’ল ষ্টেচনসমূহত জনসাধাৰণ তথা যাত্ৰীসকলৰ বাবে মানসম্পন্ন আৰু ব্যয়সাধ্য ঔষধৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহ মুকলি কৰা হৈছে। লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে প্রধানমন্ত্ৰী ভাৰতীয় জনঔষধী পৰিযোজনাৰ অধীনত সমগ্ৰ দেশতে মুঠ ১৬ হাজাৰ ৯১২টা এনে কেন্দ্ৰ মুকলি কৰা হৈছে। ইয়াৰে ৮ হাজাৰ ৬৬০টা কোন্দ্ৰ গ্ৰামাঞ্চলত মুকলি কৰা হৈছে। প্ৰতি দিনে এনে কেন্দ্ৰসমূহত ১০ৰ পৰা ১২ লাখ লোকে ঔষধ ক্রয় কৰে বুলি তেওঁ জানিবলৈ দিয়ে।
Assamese | August 1, 2025 8:18 PM | Akashvani News | Indian Railway | Jan Aushadhi
চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছেঃ অনুপ্রিয়া পেটেল