চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই আৰু ৰাজ্য বিধানসভাৰ অধ্যক্ষ ড০ ৰমন সিঙে আজি ৰায়পুৰ ৰে’ল ষ্টেচনৰ পৰা পতাকা জোকাৰি ৰায়পুৰ-জববলপুৰ নতুন এক্সপ্ৰেছ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ, মনসুখ মন্দাভিয়া আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন য়াদৱে ভার্চুৱেলী এই অনুষ্ঠানত উপস্থিত থাকে। মুখ্যমন্ত্রী ছাইয়ে কয়, যে যোৱা দশকত চত্তিশগড়ৰ ৰেল বিভাগৰ বাজেট ২১ বাৰ বৃদ্ধি কৰা হৈছে আৰু এই বছৰ বিভাগটোৰ বাবে ৬৯০০ কোটি টকা আৱণ্টন দিয়া হৈছে। তেওঁ কয়, যে চত্তিশগড়ত ৪৭ হাজাৰ কোটিতকৈও অধিক টকা ব্যয়ৰে ৰে’ল প্ৰকল্প ৰূপায়ণ কৰা হৈছে, যিয়ে ৰাজ্যখনত ৰে’লৰ যাতায়াত সুগম কৰাৰ লগতে ৰে’লযাত্ৰীসকলক অধিক সুবিধা প্ৰদান কৰিব।
Assamese | August 3, 2025 8:25 PM | Indian Railway | Raipur-Jabalpur new express train
ৰায়পুৰ-জববলপুৰ নতুন এক্সপ্ৰেছ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ