কেন্দ্রীয় মন্ত্রীসভাই ৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে’ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে ভিতৰত ৩ হাজাৰ ৬৩ টকাৰে ৰূপায়ণ কৰিবলগীয়া কোদমা-বৰকাকানা আৰু ৩ হাজাৰ ৩৪২ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া বেল্লাৰি-চিকজাজু ৰে’ল পথ দ্বৈতকৰণ প্ৰকল্প আছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ তথা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ১৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোমা-বৰকাকানা ৰে’ল পথ দ্বৈতকৰণ প্ৰকল্পই ৯৩৮ খন গাওঁৰ ১৫ লাখৰো অধিক লোক উপকৃত কৰিব। তেওঁ কয় যে এই প্রকল্পসমূহে ঝাৰখণ্ডৰ কোদৰমা, ছত্ৰা, হজাৰিবাগ আৰু ৰামগড় জিলা সংযুক্ত কৰিব। প্ৰকল্পৰ এই অংশটো ঝাৰখণ্ডৰ গুৰুত্বপূৰ্ণ কয়লা উৎপাদন এলেকাসমূহৰ মাজেৰে পাৰ হৈ যাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ১৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেল্লাৰি -চিকজাজু দ্বৈতকৰণ প্ৰকল্পই মেংগালোৰ বন্দৰক চিকন্দৰাবাদৰ সৈতে সংযোগ কৰিব। এই প্রকল্পই কৰ্ণাটকক বেল্লাৰি আৰু চিত্ৰদুৰ্গ তথা অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলা সামৰি লব বুলি তেঁও উল্লেখ কৰে। শ্রীবৈষ্ণৱে কয় যে ৩ বছৰৰ ভিতৰত এই প্রকল্পসমূহৰ কাম সম্পূৰ্ণ কৰা হ’ব। ঝাৰখণ্ড, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ ৭ খন জিলা সামৰি ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্প দুটাই ভাৰতীয় ৰে’ল বিভাগৰ নেটৱৰ্ক প্ৰায় ৩১৮ কিলোমিটাৰ সম্প্ৰসাৰিত কৰিব।
Assamese | June 11, 2025 7:45 PM | Akashvani | Akashvani News | Indian Railway | Indian Railway Dept.
৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে’ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন