June 8, 2025 7:46 PM

views 70

মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে’লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ এক্ট-ইষ্ট নীতিৰ অংশ হিচাপে উত্তৰ-পূবত যোগাযোগ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে'লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত আছে। ৰে'ল মন্ত্ৰালয়ে ম্যানমাৰ সীমান্তলৈ এই ৰে'লপথচোৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। ৰে'লপথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে ম্যানমাৰ সীমান্তত মিজোৰামৰ দক্ষিণ অঞ্চলৰ পৰা সীমান্তৰ সিপাৰলৈ বাণিজ্য প্রসাৰত সুবিধা হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ৮,২১৫ কোটি টকাৰ ব্যয় ধাৰ্য কৰা এই ৰে'লপথ প্রকল্...

May 21, 2025 8:05 PM

views 75

প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ...

May 2, 2025 7:04 PM

views 50

ডিজিটেল ঘড়ী বিকশাই তোলাৰ বাবে ভাৰতীয় ৰে’লৱেৰ বিশেষ প্রতিযোগিতাৰ আয়োজন

ভাৰতীয় ৰে'লৱেই দেশজুৰি ৰে'ল ষ্টেচনসমূহত স্থাপন কৰাৰ বাবে ডিজিটেল ঘড়ী বিকশাই তোলাৰ বাবে বিশেষ প্রতিযোগিতাৰ আয়োজন কৰিছে। প্লেটফৰ্ম আৰু ষ্টেচনসমূহত একেধৰণৰ ডিজিটেল ঘড়ী স্থাপনৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা পেছাদাৰী, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তথা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত তিনিটা শাখাৰ বাবে মুকলি কৰা হৈছে। প্ৰথম স্থানপ্রাপ্তগৰাকীক ৫ লাখ তথা তিনিওটা শাকাৰ পাঁচগৰাকীকৈ প্ৰতিযোগীলৈ ৫০ হাজাৰকৈ টকাৰ নিচুকনি পুৰস্কাৰ আগবঢ়োৱা হ'ব। চলিত মাহৰ...

April 9, 2025 3:58 PM

views 69

ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে’ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে: মুখ্যমন্ত্রী

● ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে'ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কয় যে এই প্ৰকল্পৰ অধীনত বিশেষকৈ দিব্যাংগ যাত্ৰীসকলৰ বাবে পানীৰ বুথ, নতুন পদপথ সেতু, উন্নত সঞ্চালন এলেকা আদিৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ ৰে'ল আন্তঃগাঁথনিৰ উন্নয়নেৰে আধুনিক তথা সুলভ ৰে'ল অভিজ্ঞতা প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

April 4, 2025 8:00 PM

views 70

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত এখন সংবাদ মেলক উদ্দেশ্যি কয় যে এই প্রকল্পসমূহে মহাৰাষ্ট্ৰ, ওড়িশা আৰু ছত্তিশগড়ৰ ১৫খন জিলাক সামৰি ল’ব আৰু ভাৰতীয় ৰে’লৰ ১,২৪৭ কিলোমিটাৰ পৰিধিক সামৰি এক বৃহৎ নেটৱৰ্কৰ সৃষ্টি কৰিব। তেওঁ জনায় যে এই প্রকল্পসমূহে সম্বলপুৰ-জাৰপাড়াৰ তৃতীয় আৰু চতুর্থ লাইন, ঝাচুগুড়া- ছেচনৰ তৃতীয় আৰু চতুৰ্থ লাইন, খাৰ্ছিয়া-নয়া ৰায়পুৰ-পাৰমলকাছাৰ পঞ্চম তথা ষষ্ঠ লাইন আ...

March 30, 2025 8:53 PM

views 68

বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে’লৰ ১১ টা দবা লাইনচ্যুত

● বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে'লৰ ১১ টা দবা আজি ওড়িষাৰ কটকৰ নিৰ্গণ্ডি ৰে’ল ষ্টেচনৰ সমীপত লাইনচ্যুত হয়। চৰকাৰী তথ্য অনুসৰি এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ৭ গৰাকী লোক আহত হয়। আহত যাত্ৰীসকলক কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে ৰে’লখন বেংগালুৰুৰ পৰা কামাখ্যা অভিমুখে আহি আছিল। ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। চিকিৎ‍সা সাহায্যৰ বিশেষ গোট, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা অগ্নি নির্বাপক বাহিনীৰ লোক তথা ৰে'ল ...

March 2, 2025 12:15 PM

views 95

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নিৰ্মাণ কৰিবলগীয়া ৰে’ল পথৰ চূড়ান্ত জৰীপ সম্পূৰ্ণ

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নিৰ্মাণ কৰিবলগীয়া ৰে'ল পথৰ চূড়ান্ত জৰীপৰ কাম সম্পূৰ্ণ হৈছে আৰু ইয়াৰ বিশদ প্ৰকল্প প্রতিবেদন দাখিল কৰা হৈছে। এতিয়া নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ৰে'ল পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। উত্তৰ-পূব সীমান্ত ৰে'লৱেই কালি এটা বিবৃতি যোগে এই কথা প্ৰকাশ কৰে। ৰে'ল বিভাগে প্ৰকাশ কৰা মতে ৬৯.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'ল পথছোৱাৰ নিৰ্মাণ কাৰ্যত প্রায় তিনি হাজাৰ ৫০০ কোটি টকা ব্যয় হ'ব। ৰে'ল পথছোৱাত কোকৰাঝাৰৰ বাহিৰে বালাজান, গৰুভাষা, কণিখাটা, শান্তিপুৰ, দাদগিবি আৰু গেলেফু ষ্টেচন থা...

February 20, 2025 8:58 PM

views 68

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শিমলুগুৰি ডিব্ৰুগড় খণ্ডৰ ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা প্ৰকাশ কৰিছে। যোৱা ৩১ জানুৱাৰীত মৰিয়নি-শিমলুগুৰি-ডিব্ৰুগড় খণ্ডৰ বাবে বৈদ্যুতিক লোকোমটিভৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয় বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তাই কালি আৰু আজি এই সমগ্ৰ খণ্ডট...

February 10, 2025 8:59 PM

views 64

মহাকুম্ভৰ তীর্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আজি ২০ খন ৰে’ল চলাচল কৰোৱা হৈছে

উত্তৰ ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰে কৈছে যে, প্রয়াগৰাজৰ মহাকুম্ভৰ তীর্থযাত্ৰীসকলৰ সুবিধাৰ বাবে আজি ২০ খন ৰে’ল চলাচল কৰাইছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত শ্রীশেখে কয়, যে প্ৰয়াগৰাজৰ ৮ টা ষ্টেছনৰ পৰা কালি যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৩০০ ৰো অধিক ৰে’ল চলাচল কৰোৱা হয়।

January 22, 2025 3:17 PM

views 61

ডাভোছত চুইজাৰলেণ্ডৰ ৰে’লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ডাভোছত চুইজাৰলেণ্ডৰ ৰে'লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে সুৰক্ষা প্ৰযুক্তি আৰু তদাৰক পদ্ধতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।