January 2, 2025 4:40 PM

views 41

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ

ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে'ল যোগাযোগ অধিক সুচল কৰাৰ বাবে ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰে'লগাড়ীখনে পুৱা ৯ বাজি ৫০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি ৪ বাজি ১৫ মিনিটত উত্তৰ লখিমপুৰ পাবগৈ আৰু বিয়লি ৫ বজাত উত্তৰ লখিমপুৰৰ পৰা যাত্ৰা কৰি নিশা ১১ বাজি ২৫ মিনিটত গুৱাহাটী পাবহি। ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীত এই ৰে'লগাড়ীখনৰ য...

January 1, 2025 4:19 PM

views 49

সমগ্ৰ দেশতে আজিৰেপৰা ৰে’লৰ নতুন সময়সূচী কার্যকৰী

সমগ্ৰ দেশতে আজিৰেপৰা ৰে'লৰ নতুন সময়সূচী কার্যকৰী হৈছে। এই নতুন সময়সূচীত উত্তৰ পূব সীমান্ত ৰে'লৰ অধীনত চলাচল কৰা মুঠ ৪৩ খন ৰে'লগাড়ীৰ বেগ দ্রুত হোৱাৰ ফলত যাত্ৰাকাল দুঘণ্টা পর্যন্ত হ্রাস পাব। যাত্রাকাল হ্রাস পাবলগীয়া ৰে'লগাড়ীসমূহৰ ভিতৰত নিউ তিনিচুকীয়া আৰু বাংগালুৰুৰ মাজত চলাচল কৰা ২২৫০১ নম্বৰ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্ৰাকাল পূৰ্বৰ তুলনাত দুঘণ্টা হ্রাস পাব। একেদৰে ১৫০৭৭ নম্বৰৰ কামাখ্যা আৰু গোমতীনগৰৰ মাজত চলাচল কৰা এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্ৰাৰ সময় পূৰ্বৰ তুলনাত প্রায় ডেৰ ঘণ্টা ৰাহি হ'ব। ১৫৯৬২ নম্বৰৰ...

December 22, 2024 10:59 AM

views 54

ভাৰতীয় ৰে’ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে’লসেৱা বঁটা প্ৰদান

কেন্দ্ৰীয় ৰে'ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ভাৰতীয় ৰে'ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে'লসেৱা বঁটা প্ৰদান কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে যোৱা ১০ বছৰত হোৱা ৰে'ল বিভাগৰ উন্নয়নৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলক সুৰক্ষা, গুণগত মান আৰু প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। যোৱা বছৰটোত দেশৰ ৰে'ল মানচিত্ৰত ৫,৩০০ কিলোমিটাৰ ৰে'লপথ সংযোজি...

December 19, 2024 7:26 PM

views 72

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ সাংসদ বিজুলী কলিতা মেধিৰ

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আজি নতুন দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰে'লমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰে'ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদামৰ ভূমি অধিগ্ৰহণৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ ৰে'লমন্ত্ৰীক অনুৰোধ জনায়। গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা ৰে’লগাড়ীসমূহ ঘূৰিপকি যোৱা পথৰ পৰিৱৰ্তে হ্ৰস্বতম পথেৰে চলাচল কৰা, গুৱাহাটী আৰু ডি...

December 17, 2024 11:18 AM

views 29

২১ ডিচেম্বৰত ভাৰত মণ্ডপমত ভাৰতীয় ৰে’লৱেৰ বিশেষ অনুষ্ঠানৰ আয়োজন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে অহা ২১ ডিচেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় ৰে'লৱেলৈ আগবঢ়োৱা ব্যতিক্রমী সেৱাৰ বাবে ১০১ গৰাকী বিষয়া আৰু কৰ্মচাৰীক অতি বিশিষ্ট ৰে'ল সেৱা পদক প্ৰদান কৰিব। ইয়াৰ ভিতৰত ১৫ গৰাকী কৰ্মচাৰীক উদ্ভাৱণ, ৰে'লৱেৰ ৰাজহ বৃদ্ধি, উৎপাদনশীলতাৰ বিকাশ, আমদানিৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস আৰু থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে চলোৱা বিশেষ প্ৰচেষ্টাৰ বাবে পুৰষ্কিত কৰা হ'ব। আন বিষয়া তথা কৰ্মচাৰীসকলক ৰে'লৱেৰ সম্পত্তি আৰু জীৱন সুৰক্ষিত কৰি ৰখাৰ ক্...

November 7, 2024 8:29 PM

views 88

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱ পালনৰ পাছত নিজ নিজ ঘৰলৈ যাব বিছৰা যাত্ৰীসকল ইয়াৰ পৰা লাভান্বিত হ’ব। ৰে'লৱেই পৰৱৰ্তী তিনি দিনত প্ৰায় ৪৭৬ খন ৰে’লগাড়ী চলোৱাৰ পৰিকল্পনা কৰিছে।

November 7, 2024 1:32 PM

views 33

৪,৫২১খন বিশেষ ৰে’লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰেলৱেই যোৱা ছয়ত্রিশ দিনত চাৰি হাজাৰ ৫২১খন বিশেষ ৰে'লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা কৰিছে। ছট্‌ পূজাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে কাইলৈৰ পৰা ১১ তাৰিখলৈ প্ৰতিদিনে ১৬০খন বিশেষ ৰে'লগাড়ীৰ সময়সূচী নির্ধাৰণ কৰিছে । বিশেষ ৰে'লগাড়ীসমূহে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। যাত্ৰীসকলৰ স্থানীয় চাহিদা পূৰণৰ বাবে প্ৰয়োজন সাপেক্ষে সমস্তীপুৰ, দানাপুৰ আদি সংমণ্ডলৰ বাবেও অতিৰিক্ত ৰে'লগাড়ীৰ ঘোষণা কৰা হৈছে ।

November 4, 2024 6:35 PM

views 61

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে'ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে। ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ্ণৌ, পাটনা, মুজাফৰপুৰ, গোড়খপুৰ, প্ৰয়াগৰাজ, দ্বাৰভাংগা, ইন্দোৰ আৰু থিৰুৱানন্তপুৰমলৈ বিশেষ ৰে'লগাড়ী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু ...

November 2, 2024 12:19 PM

views 39

ভাৰতীয় ৰে’লৱেই ৭,৪৩৫ খন বিশেষ ৰে’লৰ ব্যৱস্থা

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সন্ধিয়া নতুন দিল্লী ৰে'লৱে ষ্টেচনত উপস্থিত হৈ উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা আৰু ভ্ৰমণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। প্লেটফৰ্মত ৰে'লৰ বাবে অপেক্ষা কৰি থকা একাংশ যাত্ৰীৰ সৈতেও তেওঁ মত বিনিময় কৰে। যাত্ৰীসকলৰ একাংশই জনোৱা মতে, উপযুক্ত ভিৰ ব্যৱস্থাপনাৰ বাবে তেওঁলোকে ৰে'ল আস্থানত সময়মতে উপস্থিত হোৱাত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। ৰে'লৱে সুৰক্ষা বাহিনী আৰু ৰে'লৱেৰ বিষয়াসকলে উপযুক্তভাৱে ভিৰ পৰিচালনা কৰা বাবে মন্ত্ৰী শ্ৰীবৈষ্ণৱে সন্তোষ প্ৰকাশ কৰে । সাংবা...

November 1, 2024 5:31 PM

views 45

ৰে’লৰ টিকটৰ আগতীয়া সংৰক্ষণত ৰে’ল বিভাগৰ নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী

ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই নতুন ব্যৱস্থা অনুসৰি আগতীয়া আসন সংৰক্ষণৰ সময়সীমা পূৰ্বৰ ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ হ্ৰাস কৰা হৈছে। অৱশ্যে যাত্রীসকলে যোৱা ৩১ অক্টোবৰ অৰ্থাৎ কালিলৈকে কৰা সংৰক্ষণৰ ক্ষেত্ৰত কোনোধৰণৰ পৰিৱৰ্তন নহয়। ৰে'ল মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আসন সংৰক্ষণৰ সময়সীমা ৬০ দিনলৈ হ্ৰাস কৰাৰ ফলস্বৰূপে টিকটৰ চোৰাং মজুতকৰণৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে প্রকৃত যাত্রীসকলে সুবিধা লাভ কৰাটো নিশ্চিত হ'ব। মন্ত্ৰ্যালয়ে ল...