যোৱা তিনি দিনত বহুবাৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত বন্দে ভাৰত ৰেলগাড়ীয়ে ঘণ্টাত ১৮০ কিলোমিটাৰ গতিবেগ ল’বলৈ সক্ষম হৈছে। বন্দে ভাৰত ৰেলগাড়ীসমূহ স্বয়ং সম্পূৰ্ণ দুৱাৰ, অত্যাধুনিক সুবিধাযুক্ত দবা আদিৰে বিমানৰ আৰ্হিত তৈয়াৰ কৰা হৈছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বন্দে ভাৰত ৰে’লগাড়ীখনৰ কোটা সংমণ্ডলত কৰা সফল পৰীক্ষণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ দেশতে ১৩৬খন বন্দে ভাৰত ৰে’লগাড়ীযোগে ৰে’লযাত্ৰীসকলে বিশ্বমানৰ ভ্ৰমণ অভিজ্ঞতা লাভ কৰিছে।
Assamese | January 4, 2025 1:45 AM | Bande Bharat Express | Indian Railway
পৰীক্ষা-নিৰীক্ষাৰ অন্তত ঘণ্টাত ১৮০ কিলোমিটাৰ গতিবেগ ল’বলৈ সক্ষম বন্দে ভাৰত ৰে’লগাড়ীৰ