November 7, 2024 1:32 PM

views 43

৪,৫২১খন বিশেষ ৰে’লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰেলৱেই যোৱা ছয়ত্রিশ দিনত চাৰি হাজাৰ ৫২১খন বিশেষ ৰে'লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা কৰিছে। ছট্‌ পূজাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে কাইলৈৰ পৰা ১১ তাৰিখলৈ প্ৰতিদিনে ১৬০খন বিশেষ ৰে'লগাড়ীৰ সময়সূচী নির্ধাৰণ কৰিছে । বিশেষ ৰে'লগাড়ীসমূহে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। যাত্ৰীসকলৰ স্থানীয় চাহিদা পূৰণৰ বাবে প্ৰয়োজন সাপেক্ষে সমস্তীপুৰ, দানাপুৰ আদি সংমণ্ডলৰ বাবেও অতিৰিক্ত ৰে'লগাড়ীৰ ঘোষণা কৰা হৈছে ।

November 4, 2024 6:35 PM

views 71

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে'ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে। ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ্ণৌ, পাটনা, মুজাফৰপুৰ, গোড়খপুৰ, প্ৰয়াগৰাজ, দ্বাৰভাংগা, ইন্দোৰ আৰু থিৰুৱানন্তপুৰমলৈ বিশেষ ৰে'লগাড়ী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু ...

November 2, 2024 12:19 PM

views 54

ভাৰতীয় ৰে’লৱেই ৭,৪৩৫ খন বিশেষ ৰে’লৰ ব্যৱস্থা

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সন্ধিয়া নতুন দিল্লী ৰে'লৱে ষ্টেচনত উপস্থিত হৈ উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা আৰু ভ্ৰমণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। প্লেটফৰ্মত ৰে'লৰ বাবে অপেক্ষা কৰি থকা একাংশ যাত্ৰীৰ সৈতেও তেওঁ মত বিনিময় কৰে। যাত্ৰীসকলৰ একাংশই জনোৱা মতে, উপযুক্ত ভিৰ ব্যৱস্থাপনাৰ বাবে তেওঁলোকে ৰে'ল আস্থানত সময়মতে উপস্থিত হোৱাত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। ৰে'লৱে সুৰক্ষা বাহিনী আৰু ৰে'লৱেৰ বিষয়াসকলে উপযুক্তভাৱে ভিৰ পৰিচালনা কৰা বাবে মন্ত্ৰী শ্ৰীবৈষ্ণৱে সন্তোষ প্ৰকাশ কৰে । সাংবা...

November 1, 2024 5:31 PM

views 67

ৰে’লৰ টিকটৰ আগতীয়া সংৰক্ষণত ৰে’ল বিভাগৰ নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী

ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই নতুন ব্যৱস্থা অনুসৰি আগতীয়া আসন সংৰক্ষণৰ সময়সীমা পূৰ্বৰ ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ হ্ৰাস কৰা হৈছে। অৱশ্যে যাত্রীসকলে যোৱা ৩১ অক্টোবৰ অৰ্থাৎ কালিলৈকে কৰা সংৰক্ষণৰ ক্ষেত্ৰত কোনোধৰণৰ পৰিৱৰ্তন নহয়। ৰে'ল মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আসন সংৰক্ষণৰ সময়সীমা ৬০ দিনলৈ হ্ৰাস কৰাৰ ফলস্বৰূপে টিকটৰ চোৰাং মজুতকৰণৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে প্রকৃত যাত্রীসকলে সুবিধা লাভ কৰাটো নিশ্চিত হ'ব। মন্ত্ৰ্যালয়ে ল...

October 26, 2024 6:53 PM

views 63

উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত

উত্তৰ পূৱ সীমান্ত ৰে’লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি এখন বিশেষ ৰে’ল বৈষ্ণোদেৱী কাত্ৰাৰ পৰা ২৮ অক্টোবৰ আৰু ২ নৱেম্বৰত সন্ধিয়া ৬.৪৫ মিনিটত যাত্ৰা কৰি ৩০ অক্টোবৰ আৰু ৪ নৱেম্বৰৰ নিশা ১০ বজাত কামাখ্যাত উপস্থিত হ’ব। একেদৰে ৰে’লখন ৩১ অক্টোবৰ আৰু ৫ নৱেম্বৰত কামাখ্যাৰ পৰা পুৱা ৬ বজাত যাত্ৰা কৰি ২ আৰু ৭ নৱেম্বৰৰ পুৱা ৬ বাজি ২০ মিনিটত কাত্ৰাত উপস্থিত হ’ব। এই সময়ছোৱাৰ বাবে কাতিহাৰৰ পৰা মনিহাৰী সংযোগী দুখন ৰে’ল ২৫...

October 12, 2024 4:10 PM

views 60

কাউৰাপেট্টাইত সংঘটিত ৰে’ল দূৰ্ঘটনাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

দক্ষিণ ৰে'লৱেৰ চেন্নাই সংমণ্ডলৰ গুন্মীডিপুণ্ডিৰ সমীপৰ কাউৰাপেট্টাইত যোৱানিশা সংঘটিত ৰে'ল দূৰ্ঘটনাটোৰ সন্দৰ্ভত এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ঘটনাটোত সামগ্ৰী কঢ়িওৱা ৰে'লৰ খুন্দাত মহিশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে'লগাড়ীখন ৰে'ল লাইনৰ পৰা আঁতৰি পৰে। ইয়াৰ ফলত কমেও ১২টাৰ পৰা ১৩টা ডবা লাইনচ্যুত হয়। এই ঘটনাত হতাহতৰ কোনো খবৰ অহা নাই যদিও কেইবাজনো লোক আহত হৈছে। আহত লোকসকলক ওচৰৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উচ্চ পৰ্যায়ৰ কমিটীৰ তদন্তৰ ফলাফলৰ পাছতেই দুৰ্ঘটনাটোৰ প্ৰক...

October 6, 2024 8:03 PM

views 44

উৎসৱৰ বতৰত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেলৱেৰ ৪০০খন বিশেষ ৰেল মুকলি

ভাৰতীয় ৰেলৱেই উৎসৱৰ বতৰত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৪০০খন বিশেষ ৰেল মুকলি কৰিছে। নৱৰাত্ৰিৰ পৰা ষট্ পূজালৈ এই উৎসৱৰ সময়ছোৱাত বিশেষ ৰেলসমূহে ৫,৯৭৫টা যাত্ৰা সম্পূৰ্ণ কৰিব। যোৱা বছৰো ৰেল বিভাগে উৎসৱৰ বতৰত ৪,৪২৯টা ৰেল যাত্ৰা কৰাইছিল। যাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি হ'লে ৰেলৰ যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি ৰেল মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, কেন্দ্রীয় ৰেলৱেই উৎসৱৰ সময়ছোৱাত ২৭৮খন ৰেল চলাচল কৰোৱাব। আনহাতে, উত্তৰ ৰে'লৱেই উৎসৱৰ বতৰত ১৩৮খন ৰেল চলাচল কৰাব। তদুপৰি যাত্ৰীসকলৰ সুবিধ...

September 28, 2024 6:03 PM

views 82

পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’ল বিভাগৰ

ভাৰতীয় ৰে'ল বিভাগে দুৰ্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে ৰে'ল বিভাগে বর্ধিত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ বিশেষ ৰে'লৰ সংখ্যা বৃদ্ধি হৈছে। যোৱা বছৰ এই সময়ছোৱাত ৪ হাজাৰ ৪২৯খন বিশেষ ৰে'ল চলাচল কৰোৱা হৈছিল। বিশেষ ৰে'লৰ উপৰি ১০৮খন ৰে'লৰ সেৱাত অতিৰিক্ত সাধাৰণ দবা সংযোজন কৰা হৈছে।

September 28, 2024 10:58 AM

views 53

দুর্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে ৬০০০তকৈ অধিক বিশেষ ৰে’ল চলাচল কৰাব ৰেল বিভাগে

ভাৰতীয় ৰে'ল বিভাগে দুর্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ছহেজাৰতকৈ অধিক বিশেষ ৰে'ল চলাচল কৰাব। প্ৰতি বছৰে ভাৰতীয় ৰে'ল বিভাগে লাখ লাখ যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ বিশেষ ৰে'লৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। যোৱা বছৰ এই সময়ছোৱাত ৪ হাজাৰ ৪২৯ খন বিশেষ ৰে'ল চলাচল কৰোৱা হৈছিল।

September 14, 2024 2:44 PM

views 49

কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ৬ খন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। টাটানগৰত তেওঁ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০ হাজাৰ হিতাধিকাৰীক আবাসগৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব আৰু...