ভাৰতীয় ৰে’ল বিভাগে দুর্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ছহেজাৰতকৈ অধিক বিশেষ ৰে’ল চলাচল কৰাব। প্ৰতি বছৰে ভাৰতীয় ৰে’ল বিভাগে লাখ লাখ যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ বিশেষ ৰে’লৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। যোৱা বছৰ এই সময়ছোৱাত ৪ হাজাৰ ৪২৯ খন বিশেষ ৰে’ল চলাচল কৰোৱা হৈছিল।
Assamese | September 28, 2024 10:58 AM | Indian Railway
দুর্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে ৬০০০তকৈ অধিক বিশেষ ৰে’ল চলাচল কৰাব ৰেল বিভাগে