ভাৰতীয় ৰেলৱেই যোৱা ছয়ত্রিশ দিনত চাৰি হাজাৰ ৫২১খন বিশেষ ৰে’লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা কৰিছে। ছট্ পূজাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে কাইলৈৰ পৰা ১১ তাৰিখলৈ প্ৰতিদিনে ১৬০খন বিশেষ ৰে’লগাড়ীৰ সময়সূচী নির্ধাৰণ কৰিছে । বিশেষ ৰে’লগাড়ীসমূহে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। যাত্ৰীসকলৰ স্থানীয় চাহিদা পূৰণৰ বাবে প্ৰয়োজন সাপেক্ষে সমস্তীপুৰ, দানাপুৰ আদি সংমণ্ডলৰ বাবেও অতিৰিক্ত ৰে’লগাড়ীৰ ঘোষণা কৰা হৈছে ।
Assamese | November 7, 2024 1:32 PM | Indian Railway
৪,৫২১খন বিশেষ ৰে’লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা ভাৰতীয় ৰে’লৱেৰ