August 31, 2024 8:35 PM

views 71

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে শুভাৰম্ভ কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই- বেংগালুৰু আৰু চেন্নাই-নাগেৰক'ইল পথেৰে চলাচল কৰিব। ৰে'ল গাড়ীকেইখন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বর্তমান দেশৰ বিকাশৰ যাত্ৰাত উত্তৰৰ পৰা দক্ষিণলৈ নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ কয় যে, বন্দে ভাৰত ৰে'লগাড়ীৰ সম্প্ৰসাৰ...

August 31, 2024 5:19 PM

views 59

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগেৰক'ইল পথেৰে চলাচল কৰিব। ৰে’ল গাড়ীকেইখন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বৰ্তমান দেশৰ বিকাশৰ যাত্ৰাক ত্বৰান্বিত কৰি উত্তৰৰ পৰা দক্ষিণলৈ নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ কয় যে, বন্দে ভাৰত ৰে'লগাড়ীৰ সম্প্ৰসাৰণ...

August 1, 2024 1:21 PM

views 67

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত লোকসভাত পুনৰ আলোচনা

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে'ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত কালি লোকসভাত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সন্ধ্যা ৰায়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰে'ল খণ্ডত অভূতপূর্ব উন্নয়ন দেখা গৈছে আৰু ইয়াৰ কাম-কাজ তীব্ৰগতিত চলি আছে। ইপিনে আৰ এছ পিৰ এন কে প্রেমাচন্দ্ৰনে কয় যে সাধাৰণ জনতাৰ বাবে ৰে'লেই হৈছে পৰিবহণৰ প্ৰধান মাধ্যম আৰু সেয়েহে ইয়াত অধিক গুৰুত্ব দিয়া উচিত। তেওঁ লগতে সুকীয়া ৰে'ল বাজেটৰ দাবী উত্থাপন কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ অনুৰাগ শৰ্মাই ...

July 20, 2024 6:53 PM

views 85

দুর্ঘটনাগ্রস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত উপস্থিত

উত্তৰ প্ৰদেশৰ গোণ্ডাৰ সমীপত দুর্ঘটনাগ্রস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত আহি উপস্থিত হয়। তিনিচুকীয়া জিলা প্রশাসনে যাত্ৰীসকলক সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়ায়। উল্লেখযোগ্য যে যোৱা ১৮ জুলাইত ৰেল গাড়ীখনৰ ২১টা দবা বাগৰি পৰাত ৪জন যাত্ৰীৰ প্ৰাণহানি হোৱাৰ লগতে আন ৩০ জন আহত হৈছিল। ৰে'লখনত থকা তিনিচুকীয়া জিলাৰ ২৯ গৰাকী যাত্ৰীৰ ৪ গৰাকীৰ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। আজি যাত্ৰীসকল তিনিচুকীয়া ৰে'ল ষ্টেচনত আহি উপস্থিত হোৱাৰ পাছত জিলা আয়ুক্ত স্বপ্নীল...

July 18, 2024 7:41 PM

views 111

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত, ২ জন নিহত

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ৬টা দবা পথচ্যুত হয়। দুর্ঘটনাত কমেও দুজন যাত্রী নিহত হোৱাৰ লগতে আন ২০ গৰাকী যাত্ৰী আহত হয়। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰি আছে। দুৰ্ঘটনাৰ ফলত কেইবাখনো ৰে'লৰ সেৱা বাতিল কৰা হৈছে। উল্লেখযোগ্য যে ৰে'ল মন্ত্ৰালয়ে নিহতৰ নিকটাত্মীয়লৈ ১...

July 18, 2024 6:10 PM

views 65

উত্তৰ প্ৰদেশৰ মানকাপুৰৰ জিলাহীৰ গোণ্ডা-গোড়খপুৰ পথত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ কেইবাটাও দবা পথচ্যুত

উত্তৰ প্ৰদেশৰ মানকাপুৰৰ জিলাহীৰ গোণ্ডা-গোড়খপুৰ পথত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ কেইবাটাও দবা পথচ্যুত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰে'ল বিভাগৰ জ্যেষ্ঠ বিষয়াই দুর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে। ইপিনে, ৰেল দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ বিষয়াক উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিছে।

June 18, 2024 8:09 PM

views 76

নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ

পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত কালি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ হৈছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱে প্ৰকাশ কৰা মতে, অবধ আসাম এক্সপ্ৰেছ ৰেলগাড়ীখনৰ নামনিমুৱা সেৱা আজি পুৱা ৭.৩০ বজাত পুনৰ আৰম্ভ কৰা হৈছে। ৰেলপথছোৱাৰে কালিয়েই উজনিমুৱা সেৱা বাহাল কৰা হৈছিল। এই ৰেল দুৰ্ঘটনাত ৯ জন লোকে প্রাণ হেৰুৱাইছিল।

June 17, 2024 1:20 PM

views 59

উত্তৰ বংগৰ ৰঙাপানী ষ্টেচনৰ সমীপত কাঞ্চনজংঘা এক্সপ্রেছ আৰু  মালবাহী ৰে’লৰ মাজত সংঘটিত দুর্ঘটনাত ৮ জন লোকৰ মৃত্যু; ৩০ জন আহত

উত্তৰ বংগৰ ৰঙাপানী ষ্টেচনৰ সমীপত কাঞ্চনজংঘা এক্সপ্রেছ আৰু এখন মালবাহী ৰে'লৰ মাজত হোৱা এটা দুর্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন লোক আহত হৈছে। আজি পুৱা নিউ জলপাইগুৰি ৰে'ল ষ্টেচনৰ সমীপত দুর্ঘটনাটো সংঘটিত হয়। ৰে'ল বিভাগৰ সূত্রই জনোৱা অনুসৰি মালবাহী ৰে'লখন ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাছফালে খুন্দা মাৰে। ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা বিভাগৰ দল আৰু ১৫ খন এম্বুলেঞ্চ ইতিমধ্যে দুর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। দুর্ঘটনা সম্পৰ্কীয় তথ্যৰ বাবে ৰে'ল বিভাগে বি...

June 16, 2024 1:46 PM

views 60

শয়নকক্ষযুক্ত বন্দে ভাৰত ৰে’লৰ পৰীক্ষামূলক চলাচল অহা দুমাহৰ ভিতৰত আৰম্ভ হ’ব: ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

শয়নকক্ষযুক্ত বন্দে ভাৰত ৰে'লৰ পৰীক্ষামূলক চলাচল অহা দুমাহৰ ভিতৰত আৰম্ভ হ'ব। সম্প্ৰতি ৰে'ল বিভাগে বন্দে ভাৰত এক্সপ্ৰেছ চেয়াৰকাৰহে চলাচল কৰাই আছে। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত কয় যে, জনসাধাৰণে শয়নকক্ষ যুক্ত বন্দে ভাৰত ৰে'ল চলাচলৰ বাবে বহুদিনৰ পৰাই দাবী জনাই আহিছে। উল্লেখযোগ্য যে, বন্দে ভাৰত হৈছে দেশৰ প্ৰথমখন অৰ্ধ দ্ৰুতবেগী শ্ৰেণীৰ ৰে'ল। মন্ত্ৰীগৰাকীয়ে কয় যে, অহা ৫ বছৰত চৰকাৰে ৰে'ল আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰাৰ লগতে যাত্ৰীসকলক আৰামদায়ক যাত্ৰা সুবিধা প্ৰদানৰ বাবে চেষ্টা ...

June 4, 2024 9:06 PM

views 81

নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ বাবে ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

ৰীমাল পৰৱৰ্তী প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত হোৱা বানপানীয়ে ১৩ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰিছে। কাছাৰ জিলাত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায...