উত্তৰ প্ৰদেশৰ গোণ্ডাৰ সমীপত দুর্ঘটনাগ্রস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত আহি উপস্থিত হয়। তিনিচুকীয়া জিলা প্রশাসনে যাত্ৰীসকলক সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়ায়। উল্লেখযোগ্য যে যোৱা ১৮ জুলাইত ৰেল গাড়ীখনৰ ২১টা দবা বাগৰি পৰাত ৪জন যাত্ৰীৰ প্ৰাণহানি হোৱাৰ লগতে আন ৩০ জন আহত হৈছিল। ৰে’লখনত থকা তিনিচুকীয়া জিলাৰ ২৯ গৰাকী যাত্ৰীৰ ৪ গৰাকীৰ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। আজি যাত্ৰীসকল তিনিচুকীয়া ৰে’ল ষ্টেচনত আহি উপস্থিত হোৱাৰ পাছত জিলা আয়ুক্ত স্বপ্নীল পালৰ নিৰ্দেশত কাৰ্যবাহী দণ্ডাধীশে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়।
Assamese | July 20, 2024 6:53 PM | dibrugarh chandigarh express accident | Indian Railway | Rail Accident
দুর্ঘটনাগ্রস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত উপস্থিত