ভাৰতীয় ৰে‘লৱেই দেশজুৰি ৰে‘ল ষ্টেচনসমূহত স্থাপন কৰাৰ বাবে ডিজিটেল ঘড়ী বিকশাই তোলাৰ বাবে বিশেষ প্রতিযোগিতাৰ আয়োজন কৰিছে। প্লেটফৰ্ম আৰু ষ্টেচনসমূহত একেধৰণৰ ডিজিটেল ঘড়ী স্থাপনৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা পেছাদাৰী, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তথা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত তিনিটা শাখাৰ বাবে মুকলি কৰা হৈছে। প্ৰথম স্থানপ্রাপ্তগৰাকীক ৫ লাখ তথা তিনিওটা শাকাৰ পাঁচগৰাকীকৈ প্ৰতিযোগীলৈ ৫০ হাজাৰকৈ টকাৰ নিচুকনি পুৰস্কাৰ আগবঢ়োৱা হ‘ব। চলিত মাহৰ শেষ ভাগলৈ প্ৰতিযোগীসকলে নিজৰ ঘড়ীৰ আৰ্হি প্ৰেৰণ কৰিব পাৰিব ।
Assamese | May 2, 2025 7:04 PM | Indian Railway
ডিজিটেল ঘড়ী বিকশাই তোলাৰ বাবে ভাৰতীয় ৰে’লৱেৰ বিশেষ প্রতিযোগিতাৰ আয়োজন