● বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে’লৰ ১১ টা দবা আজি ওড়িষাৰ কটকৰ নিৰ্গণ্ডি ৰে’ল ষ্টেচনৰ সমীপত লাইনচ্যুত হয়। চৰকাৰী তথ্য অনুসৰি এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ৭ গৰাকী লোক আহত হয়। আহত যাত্ৰীসকলক কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে ৰে’লখন বেংগালুৰুৰ পৰা কামাখ্যা অভিমুখে আহি আছিল। ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। চিকিৎসা সাহায্যৰ বিশেষ গোট, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা অগ্নি নির্বাপক বাহিনীৰ লোক তথা ৰে’ল বিভাগৰ জ্যেষ্ঠ বিষয়াসকল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। আনসকল যাত্ৰীক তেওঁলোকৰ লক্ষ্যস্থানলৈ লৈ অহাৰ বাবে বিভাগীয় প্রচেষ্টা অব্যাহত আছে। ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যথাসম্ভৱ শীঘ্ৰেই ৰে’লসেৱা অব্যাহত ৰখাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Assamese | March 30, 2025 8:53 PM | Akashvani Guwahati | Akashvani News | Indian Railway | Rail Accident
বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে’লৰ ১১ টা দবা লাইনচ্যুত