October 19, 2025 8:40 PM

views 96

ৰে’লযাত্রী সংস্থাৰ উদ্যোগত গুৱাহাটীত অসমৰ ৰে’লযাত্ৰীসকলে সম্মুখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা

ৰে'লসেৱাক অধিক জনমুখী কৰি তোলাৰ লক্ষ্যৰে অসম ৰে'লযাত্রী সংস্থাৰ উদ্যোগত আজি গুৱাহাটীত অনুষ্ঠিত মুকলি আলোচনাত অসমৰ ৰে'লযাত্ৰীসকলে সম্মুখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। গুৱাহাটী জিলা পুথিভঁৰালৰ সমীপৰ সাহিত্য সভা ভৱন চৌহদৰ ৰাধা গোৱিন্দ বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত এই আলোচনাত ভালেসংখ্যক বক্তাই অসমত শীঘ্রেই বিদ্যুৎচালিত স্থানীয় ৰে'ল প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে। এই সভাত শিক্ষাবিদ, ব্যৱস্থাপনা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি শান্তিকাম হাজৰিকা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, অসম নাট্য সম্মিলনৰ ন...

October 19, 2025 1:18 PM

views 55

ৰে’লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভিডিঅ’ প্ৰচাৰ কৰা ছ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে ভাৰতীয় ৰে’লৱেৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত

ভাৰতীয় ৰে'লৱেই ৰে'লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভি ডি অ' শ্বেয়াৰ কৰা ছ'ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কয়, যে এইবেলি উৎসৱৰ বতৰত ছ'ছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পুৰণি অথবা বিভ্ৰান্তিকৰ ভি ডি অ' প্ৰচাৰ কৰা আৰু এনে ভিডিঅ'ৰ ফলত যাত্ৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা গৈছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, যাত্ৰীৰ মাজত অনাৱশ্যকীয় ভয়ৰ সৃষ্টি কৰা পুৰণি অথবা বিভ্ৰান্তিকৰ ভি ডি অ' প্ৰচাৰ কৰাৰ বাবে জগৰীয়া ২০ট...

October 17, 2025 12:08 PM

views 114

যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ শনিবাৰে দৃষ্টিপাত অনুষ্ঠান

অসমত ৰে'ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰেল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰে’লযাত্রী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকু...

October 13, 2025 8:54 PM

views 83

বৰপেটা ৰোড ৰে’ল ষ্টেচনত বন বিভাগৰ দলৰ অভিযানত উজনিমুৱা বাংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ

বন বিভাগৰ দলে আজি বৰপেটা ৰোড ৰে'ল ষ্টেচনত অভিযান চলাই দুপৰীয়া উজনিমুৱা বাংগালুৰু- গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ কৰে। আঠখন মোনাত ভৰাই অনা এই সামগ্ৰীসমূহৰ ওজন প্রায় ২০০ কিলোগ্রাম বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ চেন্নাইৰ তিনিজন লোকক আটক কৰা হৈছে। জব্দ কৰা বনৰৌৰ ছাল আৰু অংগসমূহৰ মূল্য কেইবা কোটি টকা হ'ব বুলি বন বিভাগে প্রকাশ কৰিছে। সম্প্ৰতি লোক কেইজনক সোধাপোছা কৰি থকা হৈছে।

October 13, 2025 8:21 PM

views 119

গুজৰাটত আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ কেইবাটাও পদক্ষেপ ঘোষণা

ৰে'লৱে সুৰক্ষা বাহিনী আৰ পি এফত এতিয়াৰে পৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰে'লৱে সুৰক্ষা বাহিনীক আধুনিক প্রযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে। গুজৰাটত আজি আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে শীঘ্ৰেই আৰ পি এফৰ জোৱানসকলক উন্নত প্ৰযুক্তিৰ ভি এইচ এফ ছেট প্ৰদানৰ লগতে উন্নত ডিজিটেল প্রযুক্তি আৰু ড্রোণ চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব। যো...

September 29, 2025 10:49 AM

views 98

ৰেলৱে সুৰক্ষা বাহিনীৰ যোৱা ১৮-২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যোৱা ১৮ৰ পৰা ২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ কৰিছে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰে প্ৰকাশ কৰা মতে ১৮-১৯ ছেপ্তেম্বৰত আলিপুৰদুৱাৰ আৰু চাপৰমুখৰ পৰা তিনিটি নাবালকক উদ্ধাৰ কৰাৰ লগতে বাৰচৈ, নিউ কোচবিহাৰ, কামাখ্যা, নিউ জলপাইগুৰি আৰু চাপৰমুখৰ পৰা ২০-২১ ছেপ্তেম্বৰত ১১টি নাবালকক উদ্ধাৰ কৰা হয়। একেদৰে ২২-২৩ ছেপ্তেম্বৰত লামডিং আৰু কিষাণগঞ্জৰ পৰা এটি কন্যা শিশুকে ধৰি ৫টি নাবালকক উদ্ধাৰ কৰা হয়। উ...

September 14, 2025 11:13 AM

views 94

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ৭৭ হাজাৰ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ৭৭ হাজাৰ কোটি টকাৰ ৰে'ল প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মিজোৰামত ভৈৰবী-ছাইৰাং ৰে'ল প্ৰকল্প উদ্বোধন কৰাৰ পাছত ৰে'ল মন্ত্ৰীগৰাকীয়ে এটা বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে মিজোৰামলৈ ৰে’ল সংযোগে নিয়োগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰৰ বিস্তৰ উন্নয়ন সাধন কৰাৰ সম্ভাৱনা আছে। তদুপৰি দেশৰ অন্যান্য অংশলৈ সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত এই ৰে’লসেৱাই নতুন দিগন্তৰ সূচনা কৰিব বুলি তেওঁ মন্তব্...

August 25, 2025 10:22 AM

views 80

দেশৰ ৰে’ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত

● দেশৰ ৰে'ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত হৈছে। আইজলৰ নিকটৱৰ্তী ছাইৰাঙৰ পৰা দেশৰ বাকী অংশলৈ যাত্ৰীবাহী ৰে'লৰ চলাচল আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলৈ প্ৰায় এপষেকহে বাকী।

August 24, 2025 12:52 PM

views 92

১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে'ল ষ্টেচন উদ্বোধন কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুঅ'মাই শুকুৰবাবে এই কথা প্ৰকাশ কৰে। ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবী-ছাইৰাং সংযোগী ব্ৰজগজ ৰে'ল পথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত ৪৮ টা সুৰংগ আৰু ৫৫ খন দলং আছে। এই ৰে'ল পথছোৱাত ১০৪ মিটাৰ উচ্চতাত দেশৰ সবাটোকৈ ওখ ৰে'ল সেতুও আছে। ২০০৮-০৯ চনত আৰমম্ভ কৰা এই প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৰে'ল সুৰক্ষা আয়ুক্তই ইতিমধ্যে পথছোৱাৰে পৰী...

August 9, 2025 11:58 AM

views 73

এছিয়া মহাদেশৰ আটাইতৈক দীঘল ৰে’ল ৰুদ্ৰাষ্ট্ৰৰ পূৰ্ব পৰীক্ষণ সফলতাৰে সম্পন্ন

৪ দশমিক ৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ মালবাহী ৰে'ল ৰুদ্ৰাষ্ট্ৰৰ পূৰ্ব পৰীক্ষণৰ যোগেৰে ভাৰতীয় ৰে'লৱেই সফলতাৰ অন্য মাত্ৰা লাভ কৰিছে। এই ৰে'লখনে ঘণ্টাত  ৪০ দশমিক  ৫.০ কিল'মিটাৰ গতিবেগেৰে৫ ঘণ্টা ১০ মিনিটত উত্তৰ প্ৰদেশৰ চান্দউলিৰ গাঞ্জখাউজা ৰে'ল ষ্টেচনৰ পৰা ঝাৰখণ্ডৰ গাৰৱালৈকে ২০৯ কিল'মিটাৰ পথ সামৰি লৈছে। মণ্ডল ৰে'ল প্ৰৱন্ধক উদয় সিং মীনাই কৈছে যে এই মালবাহী ৰে'লখনে ইষ্ট চেণ্টেল ৰে’লৱেৰ পণ্ডিত দীনদয়াল মণ্ডলৰ পৰা ধানবাদ সংমণ্ডললৈ সামগ্ৰীৰ ক্ষীপ্ৰ বোজাই আৰু পৰিবহন কৰিব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলখনৰ পূৰ্ব পৰী...