December 30, 2025 10:44 AM

views 76

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৯৩৪২ কোটি টকা ব্যয়সাপেক্ষ ১২ টা নতুন ৰে’ল প্ৰকল্পত ৰে’ল মন্ত্র্যালয়ে অনুমোদন

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৯৩৪২ কোটি টকা ব্যয়সাপেক্ষ ১২ টা নতুন ৰে'ল প্ৰকল্পত ৰে'ল মন্ত্র্যালয়ে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত ৮ টা নতুন ৰে'লপথ প্ৰকল্প আৰু ৪ টা ৰে'লপথৰ দ্বৈতকৰণ প্রকল্প আছে। এই প্ৰকল্পৰ অধীনত সাতশ ৭৭ কিলোমিটাৰ ৰে'লপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰে ২৭৮ কিলোমিটাৰ ৰে'লপথ ইতিমধ্যে নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইয়াৰ বাবে ৪১৬৭৬ কোটি টকা আবণ্টন দিয়া হৈছে। ইপিনে, ৰে'ল মন্ত্ৰ্যালয়ে অহা ১ জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ স...

December 27, 2025 7:37 PM

views 62

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত জন্মিছে। ভাৰতীয় ৰে'লৱেই প্ৰকাশ কৰা অনুসৰি প্ৰায় ১৯খন ৰে'লগাড়ীৰ চলাচল দুঘণ্টাৰো অধিক পলম হৈছে। ৰে'ল ষ্টেচনলৈ যোৱাৰ পূৰ্বে ৰে'লগাড়ীসমূহৰ শেহতীয়া তথ্য পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক আহ্বান জনোৱা হৈছে।

December 26, 2025 8:59 PM

views 66

ভাৰতীয় ৰে’লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে’লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধিৰ পৰিকল্পনা

ভাৰতীয় ৰে'লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে'লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। এই মহানগৰসমূহ হৈছে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, হায়দাবাদ, বাংগালোৰ, পাটনা, ভূপাল আৰু পুৰী। মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি অনাগত বৰ্ষসমূহত ইয়াৰ ফলত যাত্ৰীৰ আহ-যাহৰ সুবিধা বৃদ্ধি পাব। ৰে'লৱে বোৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰে সকলো মণ্ডলৰ মহা-প্ৰৱন্ধকসকলৈ ৰে'লৰ আহ-যাহৰ সংখ্যা বৃদ্ধি কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

December 18, 2025 7:58 PM

views 65

আঞ্চলিক খাদ্যসম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে ভাৰতীয় ৰে’লৱেৰ বিশেষ পদক্ষেপ গ্রহণ

ভাৰতীয় ৰে'লৱে দেশৰ আঞ্চলিক খাদ্যসম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। বিভাগটোবে জনোৱা মতে বন্দে ভাৰত ৰেলৰ যাত্ৰীসকলকে এতিয়াৰে পৰা মহাৰাষ্ট্ৰ, বিহাৰ, গুজৰাট আৰু ওড়িশাৰ বিশেষ খাদ্যৰ জুতি ল'ব পাৰিব। ৰে'ল মন্ধ্যালয়ে কৈছে যে, ভাৰতীয় ৰে'ল বিভাগৰ খাদ্য যোগান আৰু পৰ্যটন নিগমৰ সহযোগত যাত্রীসকলে আৰামদায়ক যাত্ৰাৰ লগতে দেশৰ বিভিন্ন ঠাইৰ খাদ্য সম্ভাৰ পৰিৱেশনেৰে ৰে'ল যাত্রী অধিক স্মৰণীয় কৰি তোলাৰ প্ৰয়াস কৰিছে। ৰে'ল সমূহত কেৰালাৰ লগতে পশ্চিমবংগ আৰু অন্ধ্রপ্রদেশৰো পৰম্পৰাগ...

December 11, 2025 11:34 AM

views 71

ভাৰতীয় ৰে’লৱেই ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ভাৰতীয় ৰে'লৱেই ২০২৩ ২৪ বিত্তীয় বর্ষত যাত্রীসকলৰ যাত্রা সুলভ কৰি ৰাখিবলৈ ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই তথ্য প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে যাত্ৰাৰ মুঠ খৰচৰ ৪৫ শতাংশ যাত্ৰীসকলে ৰাজ সাহায্য হিচাপে লাভ কৰে। বিশ্বৰ ৰে'ল মানচিত্ৰত ভাৰতীয় ৰে'লত কৰা যাত্ৰাৰ খৰচ চকুত লগা ধৰণে কম বুলি তেওঁ উল্লেখ কৰে। চুবুৰীয়া দেশসমূহৰ তুলনাত ভাৰতে যাত্রীসকলক আটাইতকৈ সুলভ যাত্ৰাৰ সুবিধা প্ৰদান কৰি আহিছে বুলিও শ্র...

December 7, 2025 11:45 AM

views 76

ৰে’ল বিভাগৰ একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে’লৰ দিহা

ৰে'ল বিভাগে কালিৰে পৰা একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে'লৰ দিহা কৰিছে। বিমান সেৱা বাতিল আৰু শীতকালীন কিছু সমস্যাক কেন্দ্ৰ কৰি এই বিশেষ ৰে'লসমূহৰ ব্যৱস্থা কৰা হৈছে। ৰে'ল যাত্ৰাৰ চাহিদ বৃদ্ধি কৰাৰ লগতে ৰে'লৰ সুচল যাত্ৰাক সমৰ্থন কৰা আৰু পৰ্যাপ্ত সংযোগ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মধ্য ৰে'লৱেত পুনেৰ পৰা বেংগালুৰুলৈ, পুনেৰ পৰা দিল্লীলৈ আৰু মুম্বাইৰ পৰা দিল্লীলৈকে ১৪ খন বিশেষ ৰে'লৰ দিহা কৰিছে। পশ্চিম ৰে'লৱেত ভিৱানীৰ পৰা মুম্বাইলৈ আৰু মুম্বাইৰ পৰা চকুৰবস্তিকে আদি কৰি ব...

December 6, 2025 4:01 PM

views 80

বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ ৰে’লৰ উপলভ্যতাত গুৰুত্ব

দেশজুৰি বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই সুচল যাত্ৰা আৰু ৰে’ল গাড়ীৰ উপলভ্যতাত গুৰুত্ব দিছে। দেশত মুঠ ৩৭ খন ৰে’লগাড়ীত ১১৬ টা অতিৰিক্ত ডবা সংযোগ কৰা হৈছে। দক্ষিণ ৰে’লৱেই আটাইতকৈ বেছি সংখ্যক ডবা সংযোগ কৰিছে।

October 26, 2025 12:53 PM

views 71

ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২,০১১ খন বিশেষ ৰে’লৰ চলাচল

ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২ হাজাৰ ১১ খন বিশেষ ৰে'ল চলাচল কৰোৱাই আছে। যোৱা বছৰৰ এই সময়ছোৱাত সাত হাজাৰ ৭২৪ খন উৎসৱ বিশেষ ৰে'ল চলাচল কৰোৱা হৈছিল। উত্তৰ-পূব সীমান্ত ৰে'লবে যোৱা ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰলৈ ৰেল পথসমূহত ৬২০ টা যাত্ৰাৰ বাবে ৪৮ খন উৎসৱবিশেষ ৰে'ল চলাচল কৰাই আছে। যাত্রীসকলৰ সুবিধার্থে কাতিহাৰ, নিউ জলপাইগুড়ি, গুৱাহাটীকে ধৰি মুখ্য ষ্টেচনসমূহৰ পৰিষৰ, যাত্ৰীৰ সুবিধার্থে বিভিন্ন ব্যবস্থা, অতিৰিক্ত টিকট কাউণ্টাৰ, স্বয়ংক্রিয় টিকট ভেন্ডিং মেচিনকে ধৰি বিভিন্ন ব্যৱ...

October 20, 2025 7:41 PM

views 75

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নতুন দিল্লীৰ ৰেলৱে ব’ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ৰেলৱে ব'ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন কৰে। ভ্রমণকালত তেওঁ উৎসৱৰ বতৰত যাত্ৰীসকলৰ যাতায়তৰ সুবিধা-অসুবিধাৰ বুজ লয়। শ্রীবৈষ্ণৱে ২৪ ঘণ্টাই সেৱা আগবঢ়াবলৈ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উপৰি দীপাৱলী উপলক্ষে তেওঁলোকলৈ শুভেচ্ছাও জনায়। উল্লেখযোগ্য যে, উৎসৱৰ বতৰত বৰ্দ্ধিত যাত্ৰীৰ সুচল যাতায়তৰ বাবে ভাৰতীয় ৰে'লৱেই এইবাৰো বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। পূজা, দীপাৱলী আৰু ছঠ পূজাৰ সময়ছোৱাত মসৃণ যাত্রা নিশ্চিত কৰিবলৈ ৰে'লৱেই ১২ হাজাৰৰো অধিক বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে।

October 20, 2025 11:29 AM

views 77

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে'লৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে কালি নিশা আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন কৰে। দীপাৱলী তথা যট পূজাৰ সময়ছোৱাত ৰে'লযাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে এইদৰে কালি ষ্টেচনটোত কালি উপস্থিত হয়। তেওঁ যাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে এই সন্দৰ্ভত তেওঁলোকৰ মতামতো গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীবৈষ্ণৱে কয়, যে দীপাৱলী আৰু ষট পূজাৰ সময়ত দিল্লী ষ্টেচনত যাত্ৰীৰ যথেষ্ট ভিৰ হয় আৰ এই সময়ছোৱাত ৰে'লৱে কৰ্তৃপক্ষই প্ৰতিবাৰে যাত্ৰীৰ সু...