ভাৰতীয় ৰে’লৱেই ২০২৩ ২৪ বিত্তীয় বর্ষত যাত্রীসকলৰ যাত্রা সুলভ কৰি ৰাখিবলৈ ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই তথ্য প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে যাত্ৰাৰ মুঠ খৰচৰ ৪৫ শতাংশ যাত্ৰীসকলে ৰাজ সাহায্য হিচাপে লাভ কৰে। বিশ্বৰ ৰে’ল মানচিত্ৰত ভাৰতীয় ৰে’লত কৰা যাত্ৰাৰ খৰচ চকুত লগা ধৰণে কম বুলি তেওঁ উল্লেখ কৰে। চুবুৰীয়া দেশসমূহৰ তুলনাত ভাৰতে যাত্রীসকলক আটাইতকৈ সুলভ যাত্ৰাৰ সুবিধা প্ৰদান কৰি আহিছে বুলিও শ্রীবৈষ্ণৱে জানিবলৈ দিয়ে। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফল হিচাপে বৰ্ষত ভাৰতীয় মালবাহী ৰে’লৰ পৰিবহন ক্ষমতা ২০২০-২১ বিত্তীয় বৰ্ষৰ ১২৩.৩ কোটি টনৰ পৰা যোৱাটো বিত্তীয় বর্ষত ১৬১. ৭ কোটি টনলৈ বৃদ্ধি পাইছে বুলিও তেওঁ সংসদত প্রকাশ কৰে।
Assamese | December 11, 2025 11:34 AM | Indian Railway
ভাৰতীয় ৰে’লৱেই ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ