ভাৰতীয় ৰে’লৱে দেশৰ আঞ্চলিক খাদ্যসম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। বিভাগটোবে জনোৱা মতে বন্দে ভাৰত ৰেলৰ যাত্ৰীসকলকে এতিয়াৰে পৰা মহাৰাষ্ট্ৰ, বিহাৰ, গুজৰাট আৰু ওড়িশাৰ বিশেষ খাদ্যৰ জুতি ল’ব পাৰিব। ৰে’ল মন্ধ্যালয়ে কৈছে যে, ভাৰতীয় ৰে’ল বিভাগৰ খাদ্য যোগান আৰু পৰ্যটন নিগমৰ সহযোগত যাত্রীসকলে আৰামদায়ক যাত্ৰাৰ লগতে দেশৰ বিভিন্ন ঠাইৰ খাদ্য সম্ভাৰ পৰিৱেশনেৰে ৰে’ল যাত্রী অধিক স্মৰণীয় কৰি তোলাৰ প্ৰয়াস কৰিছে। ৰে’ল সমূহত কেৰালাৰ লগতে পশ্চিমবংগ আৰু অন্ধ্রপ্রদেশৰো পৰম্পৰাগত খাদ্য সম্ভাৰ যোগান ধৰা হ’ব।
Assamese | December 18, 2025 7:58 PM | Indian Railway
আঞ্চলিক খাদ্যসম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে ভাৰতীয় ৰে’লৱেৰ বিশেষ পদক্ষেপ গ্রহণ