April 5, 2024 8:44 PM

views 71

আপৰ অভিযোগঃ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে

◊ আম আদমী পাৰ্টীয়ে আজি অভিযোগ কৰে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি আপৰ নেতা সঞ্জয় সিঙে অভিযোগ কৰে যে সাংসদ মগুন্তা ৰেড্ডীক কেজৰিৱালৰ বিৰুদ্ধে ভুৱা বক্তব্য দিবলৈ হেঁচা প্ৰদান কৰা হৈছিল আৰু যেতিয়া তেওঁ নাকচ কৰিছিল তেতিয়া তেওঁৰ পুত্ৰ ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ লগতে কয় যে নিৰন্তৰ সোধা-পোছাৰ অন্তত ৰাঘৱ ৰেড্ডীয়ে কেজৰিৱালৰ বিৰুদ্ধে নিজৰ বক্তব্য সলনি কৰে আৰু ইয়াৰ ফলতে আপৰ নেতাসকলক ভুৱা অভিযোগত অভিযুক্...

April 5, 2024 8:42 PM

views 61

দিল্লীৰ এখন আদালতৰ কেজৰিৱাল সৈতে নিজা অধিবক্তাৰ আইনী বৈঠকৰ সংখ্যা সপ্তাহত ২ৰ পৰা ৫লৈ বৃদ্ধিৰ অনুৰোধ সংৰক্ষণ

♦দিল্লীৰ এখন আদালতে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ অধিবক্তাৰ সৈতে আইনী বৈঠকৰ সংখ্যা, সপ্তাহত দুবাৰৰ পৰা পাঁচবাৰলৈ বৃদ্ধি কৰাৰ বাবে কৰা অনুৰোধটো সংৰক্ষণ কৰে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই বিষয়টোৰ ওপৰত আদেশ পাবলৈ ৯ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছে। উল্লেখযোগ্য যে সোমবাৰে আদালতে আবকাৰী নীতিৰ কেলেংকাৰীত ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্রী কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

April 5, 2024 8:28 PM

views 143

সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বর্তমান সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছে। শ্ৰী মোদীয়ে আজি ৰাজস্থানৰ শেখাৱতী অঞ্চলৰ চুৰুৰ এখন নিৰ্বাচনী সভাত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে জনসাধাৰণৰ কেইবা দশকজোৰা বুনিয়াদী আৱশ্যকতা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বিগত ১০ বছৰত উন্নত ভাৰতবৰ্ষৰ বাবে ভেঁটি নিৰ্মাণ কৰা হৈছে। সম্প্ৰতি সমগ্ৰ বিশ্ব ভাৰতৰ দ্ৰুত প্ৰগতিক লৈ আশ্চর্যচকিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে...

April 5, 2024 7:06 PM

views 98

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত সাল-সলনি

♦ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সাল-সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্রশ্ন অধিক হোৱাৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বহুবিকল্প থকা প্ৰশ্নৰ ৰূপত দক্ষতাভিত্তিক প্রশ্নসমূহ পূৰ্বৰ ৪০ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ২০২৪-২৫ শৈক্ষিক বৰ্ষত চমু তথা দীঘলীয়া উত্তৰৰ প্ৰশ্নকে ধৰি বিস্তৃত উত্তৰৰ প্ৰশ্নসমূহ ৪০ শতাংশৰ পৰা ৩০ শ...

April 5, 2024 12:22 PM

views 89

বিশাখাপট্টনমৰ নৌবিজ্ঞান আৰু আৰু প্ৰযুক্তি পৰীক্ষাগাৰত বৃহস্পতিবাৰে দশম ডি আৰ ডি অ’ যুৱ বিজ্ঞানী সমাৰোহ অনুষ্ঠিত

♦ বিশাখাপট্টনমৰ নৌবিজ্ঞান আৰু আৰু প্ৰযুক্তি পৰীক্ষাগাৰত কালি দশম ডি আৰ ডি অ' যুৱ বিজ্ঞানী সমাৰোহ অনুষ্ঠিত হয়। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা-ডি আৰ ডি অ'ৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা আৰু গৱেষণা বিভাগৰ সচিব ড০ সমীৰ ভি কামাটে তিনিদিনীয়া এই সমাৰোহ উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী কামাটে ডি আৰ ডি অ’ক উন্নত শিখৰলৈ লৈ যোৱাৰ বাবে পৰিৱৰ্তিত গোলকীয় শৃংখলা আৰু প্ৰযুক্তি গ্ৰহণ কৰিবলৈ যুৱ বিজ্ঞানীসকলৰ প্ৰতি আহ্বান জনায়। ডি আৰ ডি অ' যুৱ বিজ্ঞানী সমাৰোহে প্ৰতিৰক্ষা বিজ্ঞান আৰু প্ৰযুক্ত...

April 4, 2024 9:22 PM

views 77

ৰাজ্যসভাৰ সাংসদ হিচাপে কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ শপত গ্ৰহণ

♦ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে দুয়োকে শপত গ্ৰহণ কৰোৱায়। বিজেপিৰ নেতা আৰ পি এম সিং, জে ডি ইউৰ নেতা সঞ্জয় কুমাৰ ঝা, কংগ্ৰেছৰ নেতা অজয় মাকনসহ আন ১২ গৰাকী নৱনিৰ্বাচিত সাংসদেও আজি শপত গ্ৰহণ কৰে। 

April 4, 2024 9:19 PM

views 64

ঢোলপুৰ ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে উপৰাষ্ট্ৰপতিৰ মত-বিনিময়

♦ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীৰ সংসদ ভৱনত ঢোলপুৰ ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে। ৰাজ্যসভাৰ উদ্যোগত আয়োজিত তিনিদিনীয়া শিক্ষামূলক ভ্রমণ কাৰ্যসূচীত এই ছাত্র- ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

April 4, 2024 9:14 PM

views 69

মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত দেশৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত চি এ আৰ-টি চিকিৎসা ব্যৱস্থা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা ৰাষ্ট্ৰপতি মুৰ্মুৰ

♦ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত দেশৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত চি এ আৰ-টি চিকিৎসা ব্যৱস্থা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, অতিকে সুলভ আৰু বহনসাধ্য চি এ আৰ-টি কোষ চিকিৎসাই সমগ্ৰ মানৱ জাতিৰ বাবে আশাৰ নতুন ৰেঙণি কঢ়িয়াই আনিছে। ভাৰতৰ প্ৰথম জিন চিকিৎসা ব্যৱস্থাই অগণন ৰোগীক নতুন জীৱন প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীমতী মুর্মুৱে কয় যে, এই চিকিৎসা ব্যৱস্থা ৰূপায়ণৰ ফলত আটাইতকৈ ...

April 4, 2024 9:09 PM

views 79

এন ডি এ চৰকাৰে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে। বিহাৰৰ জমুইত আজি এখন নির্বাচনী সভাত ভাষণত দি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, আসন্ন লোকসভা নির্বাচন ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ নিৰ্বাচন হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে, ভাৰত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফলতাৰে মহাকাশযান অৱতৰণ কৰিবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণিত হৈছে। ভাৰত বিশ্বৰ পঞ্চম সর্ববৃহৎ অৰ্থ...

April 4, 2024 11:58 AM

views 68

নতুন সৈনিক স্কুলসমূহক লৈ একাংশ সংবাদ মাধ্যমত ওলোৱা বাতৰিক অগ্ৰাহ্য প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

♦ নতুন সৈনিক স্কুলসমূহ ৰাজনৈতিক অথবা আদর্শগত যোগসূত্ৰৰ ভিত্তিত প্রতিষ্ঠানসমূহক আৱণ্টন কৰা বুলি একাংশ সংবাদ মাধ্যমত ওলোৱা বাতৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে অগ্ৰাহ্য কৰিছে। মন্ত্ৰালয়ে কৈছে যে, এনে ধৰণৰ বাতৰি ভিত্তিহীন। সৈনিক স্কুলসমূহ ১৯৬০ চনত সৈনিক স্কুল সমাজৰ অধীনত স্থাপন কৰা হৈছিল বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে, বৰ্তমানৰ ৩৩ খন সৈনিক বিদ্যালয়ৰ সাফল্যৰ পৰিপ্ৰেক্ষিতত দেশত অতিৰিক্ত সৈনিক স্কুলৰ দাবী উত্থাপন হৈ আহিছে। সমগ্ৰ দেশৰ যুৱ প্ৰজন্মক সৈনিক স্কুলৰ আৰ্হিৰ শিক্ষাৰ সুবিধা প্ৰদ...