♦দিল্লীৰ এখন আদালতে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ অধিবক্তাৰ সৈতে আইনী বৈঠকৰ সংখ্যা, সপ্তাহত দুবাৰৰ পৰা পাঁচবাৰলৈ বৃদ্ধি কৰাৰ বাবে কৰা অনুৰোধটো সংৰক্ষণ কৰে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই বিষয়টোৰ ওপৰত আদেশ পাবলৈ ৯ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছে। উল্লেখযোগ্য যে সোমবাৰে আদালতে আবকাৰী নীতিৰ কেলেংকাৰীত ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্রী কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
Assamese | April 5, 2024 8:42 PM | AAP | Arvind Kejriwal | Delhi court | India | India Govt. | Kejriwal
দিল্লীৰ এখন আদালতৰ কেজৰিৱাল সৈতে নিজা অধিবক্তাৰ আইনী বৈঠকৰ সংখ্যা সপ্তাহত ২ৰ পৰা ৫লৈ বৃদ্ধিৰ অনুৰোধ সংৰক্ষণ