January 30, 2025 5:13 PM

views 72

কেজৰিৱালক যমুনা নৈত বিহ মিহলি বুলি কৰা অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। যমুনা নৈৰ পানীত এমনিয়াৰ পৰিমাণ বৃদ্ধি হোৱা বিষয়টোক লৈ অৰবিন্দ কেজৰিৱালে নৈৰ পানীত বিহ ঢলা বুলি অভিযোগ কৰিছিল। এই সন্দৰ্ভত নির্বাচন আয়োগে শ্ৰীকেজৰিৱাললৈ প্ৰেৰণ কৰা পত্ৰত অতি শীঘ্ৰে ইয়াৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। আয়োগে হাৰিয়ানা চৰকাৰে নৈৰ পানীত কি ধৰণৰ বিহু ঢালিছে আৰু এই কথা প্ৰমাণসহ উত্তৰ দিবলৈ কেজৰিৱালক নিৰ্দেশ দিছে। নদীৰ কোন অংশত বিষক্রিয়া হৈছে আৰু দিল্লীৰ...

January 4, 2025 7:05 PM

views 94

নতুন দিল্লীত ভুল পানীৰ মাচুলৰ জাননী পোৱাসকলক মাচুল আদায় নিদি অপেক্ষা কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ আহ্বান

নতুন দিল্লীত ভুল পানীৰ মাচুলৰ জাননী পোৱা লোকসকলে মাচুল আদায় নিদি অপেক্ষা কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আহ্বান জনাইছে। তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দিল্লীৰ ১২ লাখৰো অধিক পৰিয়ালৰ পানীৰ মাচুল শূন্য আছিল আজি নতুন দিল্লীত এখন সংবাদমেলত শ্রী কেজৰিৱালে দৃঢ়তাৰে প্ৰকাশ কৰে ৷

September 13, 2024 5:38 PM

views 67

অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি অবৈধ সুৰা নীতিৰ দুৰ্নীতি সন্দৰ্ভত চি বি আয়ে ৰুজু কৰা এটা গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। আদালতে ১০ লাখ টকাৰ চৰ্তসাপেক্ষ বন্দৰ বিনিময়ত শ্ৰী কেজৰিৱালৰ জামিন মঞ্জুৰ কৰে। এই ঘটনা সন্দৰ্ভত শ্ৰী কেজৰিৱালে যাতে কোনোধৰণৰ ৰাজহুৱা মতামত প্ৰকাশ নকৰে, তাৰবাবে উচ্চতম ন্যায়ালয়ে শ্রী কেজৰিৱালক চৰ্ত বান্ধি দিছে। ইয়াৰ লগতে পৰৱৰ্তী শুনানিসমূহত তেওঁ উপস্থিত থাকিবলৈও ন্যায়ালয়ে নির্দেশ দিছে। ন্যায়াধীশ সূৰ্য কান্ত আৰু...

July 5, 2024 8:14 PM

views 46

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ই ডিলৈ জাননী

দিল্লী উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক জাননী জাৰি কৰে। সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাখিল কৰা জামিন আবেদনক কেন্দ্ৰ কৰি ন্যায়ালয়ে এই জাননী জাৰি কৰে। ন্যায়াধীশ নীনা বানচাল কৃষ্ণাৰ বিচাৰপীঠে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোক ইয়াৰ প্ৰতিক্ৰিয়া দাখিল কৰিবলৈ কয় আৰু বিষয়টো ১৭ জুলাইত শুনানিৰ বাবে স্থগিত ৰাখে। বিচাৰপীঠখনে কৈছে যে, বিবাদটো পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰা হ'ব। ইয়াৰ মাজতে চিবিআইক ইয়াৰ উত্তৰ দাখিল ক...

July 3, 2024 8:37 PM

views 61

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি

দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি আৱকাৰী নীতি সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি কৰে। ন্যায়ালয়ে এই একেটা গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মণীষ ছিছ'ডিয়া আৰু বি আৰ এছৰ বিধায়ক কে কবিতাৰ ন্যায়িক জিম্মাৰ ম্যাদো ২৫ জুলাইলৈ বৃদ্ধি কৰিছে। চি বি আয়ে ২৬ জুলাইত তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। শ্ৰীকেজৰিৱালে তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্য্যক প্রত্যাহ্বান জনাই ইতিমধ্যে ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁৰ এই আবেদন ন্য...

June 26, 2024 8:38 PM

views 44

অৰবিন্দ কেজৰিৱালৰ আবেদন প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অনুমতি প্ৰদান

উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁ দাখিল কৰা আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। সুৰা নীতি সম্পৰ্কীয় কেলেংকাৰিৰ অভিযোগৰ সৈতে জড়িত অবৈধ ধনৰ লেনদেনৰ গোচৰত শ্ৰীকেজৰিৱালে লাভ কৰা জামিনৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে গ্রহণ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁ এই আবেদন দাখিল কৰিছিল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধ...

June 25, 2024 8:31 PM

views 68

অবৈধ ধনৰ লেন-দেনৰ গোচৰত কেজৰিৱালক বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অবৈধ ধনৰ লেন-দেনৰ এটা গোচৰত বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ে আজি স্থগিতাদেশ জাৰি কৰিছে। ন্যায়াধীশ সুধীৰ কুমাৰ জৈনৰ এখন অৱকাশকালীন বিচাৰপীঠে, বিচাৰ আদালতে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰি দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ বিধি বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা এখন আবেদনৰ প্ৰত্যুত্তৰত এই নিৰ্দেশ জাৰি কৰে। উচ্চ ন্যায়ালয়ে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগসমূহ সমৰ্থন কৰাৰ লগতে বিচাৰ আদালতে তদন্তকাৰী সংস্থাটোৰ কথাক গুৰুত্ব দিয়া নাছিল বুলি কয়। ইয়...

June 19, 2024 8:56 PM

views 64

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি দিল্লী আৱকাৰী নীতি সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু এজন অন্য অভিযুক্ত বিনোদ চৌহানৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি কৰিছে। ন্যায়িক জিম্মাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছত তিহাৰ কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আদালতৰ সন্মুখত হাজিৰ হোৱাৰ সময়ত ন্যায়ালয়ে এই ৰায় দিয়ে। বিধি বলবৎকাৰী সঞ্চালকালয়ে যোৱা ২১ মাৰ্চত শ্ৰীকেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰত প্ৰাক্তন মন্ত্রী মনিষ চিচোদিয়াসহ মুঠ ৩৮ গৰাকী অভিযুক্ত ...

June 15, 2024 2:29 PM

views 78

সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক তেওঁলোকে সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমৰ এই ভিডিঅ'টোত অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰীত ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ২৮ মাৰ্চত ৰাউজ এভিনিউ আদালতত দিয়া বক্তব্য সন্নিৱিষ্ট হৈছিল। ন্যায়াধীশ নীনা বাঞ্চাল কৃষ্ণা আৰু ন্যায়াধীশ অমিত শৰ্মাৰ খণ্ডপীঠে সুনীতা কেজৰিৱাল আৰু অন্যান্যসকলৰ বিৰুদ্ধে ভিডিঅ' কনফাৰেন্সিং নীতি উলংঘা কৰাৰ অভিযোগেৰে দাখি...

June 5, 2024 6:55 PM

views 71

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তী জামিন অস্বীকাৰ

দিল্লীৰ এখন আদালতে সুৰা নীতি কেলেংকাৰী সংক্ৰান্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তী জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই আজি চিকিৎসাজনিত কাৰণত ৭ দিনৰ বাবে অন্তৱৰ্তী জামিন বিচাৰি কেজৰিৱালে জনোৱা আবেদন অগ্ৰাহ্য কৰে। ন্যায়ালয়ে তিহাৰ কাৰাগাৰত বিষয়াসকলক ন্যায়িক জিম্মাৰ সময়ত কেজৰিৱালৰ চিকিৎসা আৱশ্যকতাৰ যত্ন লবলৈ নিৰ্দেশ দিয়ে। শ্ৰীকেজৰিৱালৰ নিয়মীয়া জামিন আবেদন সন্দৰ্ভত ৭ জুনত শুনানি হব।