দিল্লীৰ এখন আদালতে আজি দিল্লী আৱকাৰী নীতি সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু এজন অন্য অভিযুক্ত বিনোদ চৌহানৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি কৰিছে। ন্যায়িক জিম্মাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছত তিহাৰ কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আদালতৰ সন্মুখত হাজিৰ হোৱাৰ সময়ত ন্যায়ালয়ে এই ৰায় দিয়ে। বিধি বলবৎকাৰী সঞ্চালকালয়ে যোৱা ২১ মাৰ্চত শ্ৰীকেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰত প্ৰাক্তন মন্ত্রী মনিষ চিচোদিয়াসহ মুঠ ৩৮ গৰাকী অভিযুক্ত আছে।
Assamese | June 19, 2024 8:56 PM | Arvind Kejriwal
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি