June 5, 2024 6:55 PM | Arvind Kejriwal

printer

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তী জামিন অস্বীকাৰ

দিল্লীৰ এখন আদালতে সুৰা নীতি কেলেংকাৰী সংক্ৰান্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তী জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই আজি চিকিৎসাজনিত কাৰণত ৭ দিনৰ বাবে অন্তৱৰ্তী জামিন বিচাৰি কেজৰিৱালে জনোৱা আবেদন অগ্ৰাহ্য কৰে। ন্যায়ালয়ে তিহাৰ কাৰাগাৰত বিষয়াসকলক ন্যায়িক জিম্মাৰ সময়ত কেজৰিৱালৰ চিকিৎসা আৱশ্যকতাৰ যত্ন লবলৈ নিৰ্দেশ দিয়ে। শ্ৰীকেজৰিৱালৰ নিয়মীয়া জামিন আবেদন সন্দৰ্ভত ৭ জুনত শুনানি হব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।