দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক তেওঁলোকে সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমৰ এই ভিডিঅ’টোত অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰীত ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ২৮ মাৰ্চত ৰাউজ এভিনিউ আদালতত দিয়া বক্তব্য সন্নিৱিষ্ট হৈছিল। ন্যায়াধীশ নীনা বাঞ্চাল কৃষ্ণা আৰু ন্যায়াধীশ অমিত শৰ্মাৰ খণ্ডপীঠে সুনীতা কেজৰিৱাল আৰু অন্যান্যসকলৰ বিৰুদ্ধে ভিডিঅ’ কনফাৰেন্সিং নীতি উলংঘা কৰাৰ অভিযোগেৰে দাখিল হোৱা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিলৈ এই জাননী জাৰি কৰে। আদালতে লগতে সেই নিৰ্দিষ্ট দিনটোত হোৱা ভিডিঅ’ ৰেকডিঙৰ পুনৰ প্ৰকাশ অথবা ইয়াৰ সৈতে জড়িত আন কোনো প’ষ্টৰ বাবে অনুমতি নিদিবলৈ সামাজিক মাধ্যমক নির্দেশ দিছে। ন্যায়াধীশদ্বয়ে ৯ জুলাইত এই সন্দৰ্ভত পুনৰ শুনানি গ্রহণ কৰিব।
Assamese | June 15, 2024 2:29 PM | Arvind Kejriwal | Delhi high court | India | Kejriwal
সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ