December 26, 2024 8:39 PM

views 71

সীমান্ত নিৰাপত্তা বাহিনীত নিশ্চিত দৰমহা বৃদ্ধি আঁচনি বলবৎ কৰিবলৈ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফত তৃতীয় এম এ চি পি অর্থাৎ নিশ্চিত দৰমহা বৃদ্ধি আঁচনি বলবৎ কৰিবলৈ নিৰ্দেশ দিছে। বাহিনীটোৰ কেইগৰাকীমান অৱসৰপ্ৰাপ্ত বিষয়া আৰু জোৱানে চাকৰি জীৱনৰ ৩০ বছৰ সম্পূৰ্ণ কৰাৰ পাছত তৃতীয় এম এ চি পি লাভ কৰিবলৈ জনোৱা আবেদন বি এছ এফ কর্তৃপক্ষই প্রত্যাখান কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই জনোৱা আবেদন মর্মে দিল্লী উচ্চ ন্যায়ালয়ে এই নির্দেশ দিয়ে। আবেদনখনত তেওঁলোকে মূল দৰমহা আৰু পেন্সনৰ গাঁথনি সংশোধনীৰ ক্ষেত্ৰতো আদালতৰ হস্তক্ষেপ বিচাৰিছিল। উল্লেখয...

October 22, 2024 9:20 PM

views 62

বিজেপিয়ে অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা বিজেপিৰ

উচ্চতম ন্যায়ালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত প্রশ্ন উত্থাপন কৰাৰ বাবে গুজৰাট বিশ্ববিদ্যালয়ে ৰুজু কৰা মানহানিৰ গোচৰ সংক্ৰান্তত জাৰি কৰা চমন বাতিল কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা আবেদন অগ্রাহ্য কৰাৰ পাছত বিজেপিয়ে আজি দিল্লীৰ প্রাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা কৰে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত দলৰ মুখপাত্র ৰবীশংকৰ প্ৰসাদে কয় যে, এসময়ত শ্ৰীকেজৰিৱালে প্রধানমন্ত্ৰীৰ ডিগ্ৰী আৰু যোগ্যতা সম্পৰ্কে প্ৰতিদিনে প্রশ্ন উত্থাপন কৰিছিল । এই সন্দৰ্ভত ভিত্তিহীন ...

October 9, 2024 5:52 PM

views 46

ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি স্থগিত দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি স্থগিত ৰাখিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কংগ্ৰেছ নেতাগৰাকীৰ নাগৰিকত্ব খাৰিজ কৰাৰ বাবে আহ্বান জনাই দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি মুখ্য ন্যায়াধীশ মনমোহন নেতৃত্বাধীন খণ্ড পীঠখনে অহা ৬ নৱেম্বৰলৈ স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে। উল্লেখযোগে যে ৰাহুল গান্ধীয়ে নিজকে ব্ৰিটেইনৰ নাগৰিক হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ে এই আবেদনখন দাখিল কৰিছিল।

September 29, 2024 8:07 PM

views 57

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ মনমোহনৰ শপতগ্ৰহণ

ন্যায়াধীশ মনমোহনে আজি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। দিল্লীৰ উপ- ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰাজ নিৱাসত আয়োজিত এটা অনুষ্ঠানত তেওঁক শপতবাক্য পাঠ কৰোৱাই। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীও অনুষ্ঠানত উপস্থিত থাকে।

June 25, 2024 8:31 PM

views 65

অবৈধ ধনৰ লেন-দেনৰ গোচৰত কেজৰিৱালক বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অবৈধ ধনৰ লেন-দেনৰ এটা গোচৰত বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ে আজি স্থগিতাদেশ জাৰি কৰিছে। ন্যায়াধীশ সুধীৰ কুমাৰ জৈনৰ এখন অৱকাশকালীন বিচাৰপীঠে, বিচাৰ আদালতে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰি দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ বিধি বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা এখন আবেদনৰ প্ৰত্যুত্তৰত এই নিৰ্দেশ জাৰি কৰে। উচ্চ ন্যায়ালয়ে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগসমূহ সমৰ্থন কৰাৰ লগতে বিচাৰ আদালতে তদন্তকাৰী সংস্থাটোৰ কথাক গুৰুত্ব দিয়া নাছিল বুলি কয়। ইয়...

June 15, 2024 2:29 PM

views 75

সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক তেওঁলোকে সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমৰ এই ভিডিঅ'টোত অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰীত ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ২৮ মাৰ্চত ৰাউজ এভিনিউ আদালতত দিয়া বক্তব্য সন্নিৱিষ্ট হৈছিল। ন্যায়াধীশ নীনা বাঞ্চাল কৃষ্ণা আৰু ন্যায়াধীশ অমিত শৰ্মাৰ খণ্ডপীঠে সুনীতা কেজৰিৱাল আৰু অন্যান্যসকলৰ বিৰুদ্ধে ভিডিঅ' কনফাৰেন্সিং নীতি উলংঘা কৰাৰ অভিযোগেৰে দাখি...

April 26, 2024 11:51 AM

views 61

ই ভি এম সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ আজি উচ্চতম ন্যায়ালয়ত ৰায় প্ৰদান

উচ্চতম ন্যায়ালয়ে ভিভি পেট শিল্পৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন আজি ৰায় অগ্ৰাহ্য কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা ১৮ এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ অন্তত গণতান্ত্রিক সংস্কাৰ সংস্থাকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছিল। ১৮ এপ্ৰিলত বিষয়টোৰ শুনানি সম্পন্ন হোৱাৰ পাছত ২৪ এপ্ৰিললৈ ৰায়দান সুৰক্ষিত ৰখা হৈছিল। যোৱ...

April 9, 2024 8:11 PM

views 72

অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদন অগ্ৰাহ্য দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে আজি আৱকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ক'লাধন বৈধকৰণৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদন অগ্ৰাহ্য কৰে। উচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মা আদালতে কয় যে, এই গ্ৰেপ্তাৰ সন্দৰ্ভত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ পদক্ষেপ অবৈধ নাছিল। যোৱা ২১ মাৰ্চত সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত উচ্চ ন্যায়ালয়ে যোৱা এক এপ্ৰিলত কেজৰিৱালক ১৫ এপ্রিল পর্যন্ত ন্যায়িক জিম্মা...