দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি স্থগিত ৰাখিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কংগ্ৰেছ নেতাগৰাকীৰ নাগৰিকত্ব খাৰিজ কৰাৰ বাবে আহ্বান জনাই দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি মুখ্য ন্যায়াধীশ মনমোহন নেতৃত্বাধীন খণ্ড পীঠখনে অহা ৬ নৱেম্বৰলৈ স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে। উল্লেখযোগে যে ৰাহুল গান্ধীয়ে নিজকে ব্ৰিটেইনৰ নাগৰিক হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ে এই আবেদনখন দাখিল কৰিছিল।
Assamese | October 9, 2024 5:52 PM | Congress | Delhi high court | Rahul Gandhi
ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি স্থগিত দিল্লী উচ্চ ন্যায়ালয়ৰ