উচ্চতম ন্যায়ালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত প্রশ্ন উত্থাপন কৰাৰ বাবে গুজৰাট বিশ্ববিদ্যালয়ে ৰুজু কৰা মানহানিৰ গোচৰ সংক্ৰান্তত জাৰি কৰা চমন বাতিল কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা আবেদন অগ্রাহ্য কৰাৰ পাছত বিজেপিয়ে আজি দিল্লীৰ প্রাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা কৰে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত দলৰ মুখপাত্র ৰবীশংকৰ প্ৰসাদে কয় যে, এসময়ত শ্ৰীকেজৰিৱালে প্রধানমন্ত্ৰীৰ ডিগ্ৰী আৰু যোগ্যতা সম্পৰ্কে প্ৰতিদিনে প্রশ্ন উত্থাপন কৰিছিল । এই সন্দৰ্ভত ভিত্তিহীন অভিযোগো উত্থাপন কৰা হৈছিল বুলি শ্ৰীপ্ৰসাদে মন্তব্য কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে, তেওঁ আম আদমী পাৰ্টীৰ মুৰববীগৰাকীয়ে বিষয়টো সন্দৰ্ভত ক্ষমা খুজিবলৈ ইচ্ছা প্রকাশ কৰা বুলি জানিব পাৰিছে।
Assamese | October 22, 2024 9:20 PM | Delhi high court
বিজেপিয়ে অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা বিজেপিৰ