May 27, 2024 6:13 PM

views 55

অন্তৱৰ্ত্তীকালীন জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত মুখ্যমন্ত্ৰী অবিন্দ কেজৰিৱালৰ আবেদন দাখিল

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অবিন্দ কেজৰিৱালে স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু সাত দিনৰ অন্তৱৰ্ত্তীকালীন জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। সর্বোচ্চ ন্যায়ালয়ে শ্ৰীকেজৰিৱালক আবকাৰি নীতিৰ কেলেংকাৰিত ধনৰ লেন-দেন কৰাৰ অভিযোগৰ গোচৰ সন্দৰ্ভত ১ জুনলৈকে অন্তৱৰ্ত্তীকালীন জামিন মঞ্জুৰ কৰিছিল আৰু ২ জুনত তেওঁক পুনৰ সমৰ্পন কৰিবলৈ নিৰ্দেশ দিছিল। আম আদমী পাৰ্টীয়ে কৈছে যে দিল্লীৰ আবকাৰি নীতিৰ অভিযোগৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা শ্ৰীকেজৰিৱালৰ স্বাস্থ্য অৱন...

May 21, 2024 11:31 AM

views 35

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পটপৰগঞ্জ, ছাহাদ্ৰা আৰু গান্ধীনগৰৰ জনসাধাৰণৰ সৈতে মতবিনিময়

আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰতি লক্ষ্য ৰাখি পটপৰগঞ্জ, ছাহাদ্ৰা আৰু গান্ধীনগৰ অঞ্চলৰ জনসাধাৰণৰ সৈতে মতবিনিময় কৰে। ইপিনে দিল্লী কংগ্ৰেছৰ অধ্যক্ষ দেবেন্দ্ৰ যাদৱে কালি বিয়লি বাৱানা গাঁৱৰ জনসাধাৰণক সম্বোধন কৰে। এই অঞ্চলসমূহত অহা ২৫ মে'ত নির্বাচন অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে এই অঞ্চলসমূহ সামৰি লোৱা লোকসভা সমষ্টিকেইটাত প্ৰচাৰ অভিযানৰ সামৰণি পৰিব।

May 20, 2024 8:51 PM

views 49

অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে আদালতত আবেদন বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে আদালতত আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ অহা ২ জুনত উকলিব। সুৰা কেলেংকাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ১ জুনলৈ অন্তৰ্ৱৰ্তীকালীন জামিন প্রদান কৰিছিল। অহা ২ জুনত তেওঁ পুনৰ আত্মসমৰ্পণ কৰিব লাগিব। ইপিনে, অৰবিন্দ কেজৰিৱালৰ জীৱনলৈ ভাবুকি অহাৰ অভিযোগ তুলি দেশৰ নিৰ্বাচন আয়োগলৈ আম আদমী পাৰ্টীৰ বিধায...

May 19, 2024 1:09 PM

views 49

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ আদালতৰ প্ৰেৰণ

দিল্লীৰ এখন জিলা আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনা সংক্ৰান্তত শ্ৰীকুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। কালি নিশা বিভৱ কুমাৰক তিছ হাজাৰী আদালতত হাজিৰ কৰোৱা হয়। মেট্ৰপলিটান দণ্ডাধীশ গৌৰৱ গোৱেলে কুমাৰক সোধা-পোছাৰ বাবে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত অহা ২৩ মে'ত তেওঁক পুনৰ আদালতত হ...

May 17, 2024 5:16 PM

views 43

কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে কৰা অসৎ আচৰণৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ অভিযোগ দাখিল

আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে কৰা অসৎ আচৰণ কৰাৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। শ্ৰীমতী মালিৱালে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত জবানবন্দী দিছে। এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাংসদগৰাকীয়ে আশাপ্ৰকাশ কৰিছে। শ্ৰীমতী মালিৱালে বিজেপিক এই ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। অন্য এটা দলৰ নিৰ্দেশ মৰ্মে এনে ধৰণৰ অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰি একাংশ লোকে ...

May 12, 2024 6:58 PM

views 26

লোকসভা নিৰ্বাচনত জয়ী হ’লে আম আদমী পাৰ্টীৰ ১০টা নিশ্চয়তা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি

আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লোকসভা নিৰ্বাচনত জয়ী হ'লে ১০টা নিশ্চয়তা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে বিদ্যুৎ, পানী, স্বাস্থ্য, শিক্ষা আৰু কৰ্মসংস্থানৰ দিশত পদক্ষেপ লোৱাৰ বিষয়ে নির্বাচনী প্ৰচাৰত উল্লেখ কৰে। দলটোৰ কাৰ্যালয়ত পাঞ্জাবৰ মুখ্যমন্ত্রী তথা জ্যেষ্ঠ নেতা ভগৱন্ত মানৰ সৈতে এখন সংবাদ মেলক সম্বোধন কৰি শ্ৰীকেজৰিৱালে ১০টা নির্বাচনী প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। সমগ্ৰ দেশতে দুখীয়া লোকক বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ লগতে বিশ্বমা...

May 11, 2024 8:19 PM

views 60

বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ কেজৰিৱালৰ

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা অৰবিন্দ কেজৰিৱালে আজি বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীকেজৰিৱালে কয় যে, বিজেপিয়ে নানা ভুৱা অভিযোগেৰে আম আদমী পার্টিক চূৰ্ণ কৰিব বিচাৰিছে, কিন্তু এয়া সম্ভৱ নহয় কাৰণ আম আদমী পাৰ্টি কেৱল এটা ৰাজনৈতিক দল নহয় বৰং ই এটা আদর্শবাদ। নতুন দিল্লীত এখন সংবাদমেলত কেজৰিৱালে কেন্দ্ৰত আই এন ডি আই মিত্ৰজোটে পৰৱৰ্তী চৰকাৰ গঠন কৰিব আৰু আপ চৰকাৰৰ অংশ হ'ব আস্থা ব্যক্ত কৰে। ইয়াৰ লগতে তেওঁ বিজেপিক কলংকিত আৰু দুৰ্নীতিগ্ৰস্ত নেতাক দলত অন্...

May 8, 2024 4:31 PM

views 51

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছেঃ আপ

আম আদমী পাৰ্টীয়ে আজি কৈছে যে, অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছে। আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কৈছে যে, যদিও তেওঁলোকৰ দলৰ বহুকেইজন নেতা কাৰাবন্দী হৈ আছে তথাপি দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে তীব্ৰভাৱে প্ৰচাৰ অভিযান চলাইছে। গোপাল ৰায়ে কৈছে যে, দিল্লী চৰকাৰৰ নীতিসমূহে মহিলা, বয়োজ্যেষ্ঠ, ব্যৱসায়ী আৰু শ্রমিক শ্ৰেণীৰ লোকসকলৰ লগতে দিল্লীৰ সমূহ স্তৰৰ নাগৰিকৰ প্ৰতি সুবিধা আগবঢ়াইছে। আপ, বিজেপি আৰু কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ বাবে ৰ...

May 7, 2024 7:59 PM

views 36

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ২০ মে’লৈ বৃদ্ধি

নতুন দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২০ মে'লৈ বৃদ্ধি কৰিছে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাবেজাই বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰত কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত আজি এই নির্দেশ দিয়ে। উল্লেখযোগ্য যে সুৰা কেলেংকাৰীৰ সম্পৰ্কীয় ধন আত্মসাৎ গোচৰত যোৱা ২১ মাৰ্চত বিধি বলবৎকাৰী সঞ্চালকালয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনাই দিয়া আবেদন যোৱা ১০...

April 15, 2024 1:21 PM

views 45

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিধি বলৱৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি হ'ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে কেজৰিৱালৰ আবেদনৰ শুনানি গ্রহণ কৰিব। উল্লেখ্য যে ৯ এপ্ৰিলত দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰক বৈধ আখ্যা দিছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে অৰবিন্দ কেজৰিৱাল সৰ্বোচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হয়। দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰত দিল্লীৰ মুখ...