May 19, 2024 1:09 PM | Arvind Kejriwal

printer

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ আদালতৰ প্ৰেৰণ

দিল্লীৰ এখন জিলা আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনা সংক্ৰান্তত শ্ৰীকুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। কালি নিশা বিভৱ কুমাৰক তিছ হাজাৰী আদালতত হাজিৰ কৰোৱা হয়। মেট্ৰপলিটান দণ্ডাধীশ গৌৰৱ গোৱেলে কুমাৰক সোধা-পোছাৰ বাবে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত অহা ২৩ মে’ত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব। উল্লেখযোগ্য যে, শ্ৰীমতী মালিৱালে যোৱা ১৩ মে’ত কেজৰিৱালৰ বাসগৃহত তেওঁক অতিশায্য চলোৱা বুলি অভিযোগ তুলি বিভৱ কুমাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। বিভৱ কুমাৰেও ঘটনাৰ দিনা মুখ্যমন্ত্ৰীৰ বাসগৃহত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগ তুলি শ্ৰীমতী মালিৱালৰ বিৰুদ্ধে আন এটা অভিযোগ দাখিল কৰিছে।