May 7, 2024 7:59 PM | Arvind Kejriwal

printer

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ২০ মে’লৈ বৃদ্ধি

নতুন দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২০ মে’লৈ বৃদ্ধি কৰিছে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাবেজাই বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰত কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত আজি এই নির্দেশ দিয়ে। উল্লেখযোগ্য যে সুৰা কেলেংকাৰীৰ সম্পৰ্কীয় ধন আত্মসাৎ গোচৰত যোৱা ২১ মাৰ্চত বিধি বলবৎকাৰী সঞ্চালকালয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনাই দিয়া আবেদন যোৱা ১০ এপ্রিলত অগ্রাহ্য কৰে। ন্যায়ালয়ে প্ৰকাশ কৰা অনুসৰি এই সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ে যথেষ্ট প্রমাণ দাখিল কৰাৰ লগতে আম আদমী পাৰ্টীৰ দলীয় প্রার্থীয়ে গোৱা নিৰ্বাচনৰ সময়ত কেজৰিৱাল ধনৰ অবৈধ লেনদেনত জড়িত হোৱাৰ বিষয়ে স্বীকাৰ কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ নির্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ আবেদনৰ আজি শুনানি গ্ৰহণ কৰা হৈছে ।