দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিধি বলৱৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি হ’ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে কেজৰিৱালৰ আবেদনৰ শুনানি গ্রহণ কৰিব। উল্লেখ্য যে ৯ এপ্ৰিলত দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰক বৈধ আখ্যা দিছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে অৰবিন্দ কেজৰিৱাল সৰ্বোচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হয়। দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক যোৱা ২১ মাৰ্চত বিধি বলৱৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী তিহাৰ জেলত ন্যায়িক জিম্মাত আছে।
Assamese | April 15, 2024 1:21 PM | Arvind Kejriwal
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি