May 27, 2024 6:13 PM | Arvind Kejriwal

printer

অন্তৱৰ্ত্তীকালীন জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত মুখ্যমন্ত্ৰী অবিন্দ কেজৰিৱালৰ আবেদন দাখিল

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অবিন্দ কেজৰিৱালে স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু সাত দিনৰ অন্তৱৰ্ত্তীকালীন জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। সর্বোচ্চ ন্যায়ালয়ে শ্ৰীকেজৰিৱালক আবকাৰি নীতিৰ কেলেংকাৰিত ধনৰ লেন-দেন কৰাৰ অভিযোগৰ গোচৰ সন্দৰ্ভত ১ জুনলৈকে অন্তৱৰ্ত্তীকালীন জামিন মঞ্জুৰ কৰিছিল আৰু ২ জুনত তেওঁক পুনৰ সমৰ্পন কৰিবলৈ নিৰ্দেশ দিছিল। আম আদমী পাৰ্টীয়ে কৈছে যে দিল্লীৰ আবকাৰি নীতিৰ অভিযোগৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা শ্ৰীকেজৰিৱালৰ স্বাস্থ্য অৱনমিত হৈছে। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰা শ্ৰীকেজৰিৱালৰ অন্তৱৰ্ত্তীকালীন জামিন ২ জুনত অন্ত পৰাৰ পাছত পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মাত বিচাৰি বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ আদালতত ইতিমধ্যে যোৱা সপ্তাহত এখন আবেদন দাখিল কৰিছে।