July 3, 2024 8:37 PM | Arvind Kejriwal

printer

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি

দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি আৱকাৰী নীতি সম্পৰ্কীয় ক’লা ধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি কৰে। ন্যায়ালয়ে এই একেটা গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়া আৰু বি আৰ এছৰ বিধায়ক কে কবিতাৰ ন্যায়িক জিম্মাৰ ম্যাদো ২৫ জুলাইলৈ বৃদ্ধি কৰিছে। চি বি আয়ে ২৬ জুলাইত তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। শ্ৰীকেজৰিৱালে তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্য্যক প্রত্যাহ্বান জনাই ইতিমধ্যে ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁৰ এই আবেদন ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে।