April 4, 2024 11:48 AM

views 153

গ্রীষ্মকালত ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ অধ্যক্ষতাত বৈঠক

◊ গ্রীষ্মকালত গৰমৰ প্ৰকোপৰ পৰা হ'ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ড° মনসুখ মন্দাভিয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। তৃণমূল পৰ্যায়ত সঠিক তথ্যৰ অভাৱৰ কথা উল্লেখ কৰি ড° মন্দাভিয়াই ৰাজ্যসমূহৰ পৰা লাভ কৰা তথ্যৰে এটা কেন্দ্ৰীয় তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। ৰাজ্যসমূহে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা লাভ কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে। ড° মন্দাভিয়াই কয় যে, সতর্কতামূলক ব্যৱস্থা...

April 3, 2024 8:52 PM

views 65

বিজেপি কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি বিৰোধী পক্ষৰ নেতাসকল নিৰাশাত ভুগিছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিজেপি কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি বিৰোধী পক্ষৰ নেতাসকল নিৰাশাত ভুগিছে। তেওঁ লগতে দলীয় কর্মীসকলক সকলো পুৰণি নির্বাচনী অভিলেখ ভংগ কৰাৰ সংকল্পৰে কাম কৰিবলৈ আহ্বান জনায়। শ্রীমোদীয়ে আজি নমো এপৰ জৰিয়তে ডিজিটীয় ৰেলীক সম্বোধন কৰি এইদৰে আহ্বান জনায়। Read Now :  গ্ৰীষ্মকালত হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ বৈঠক  মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰি...

April 3, 2024 7:31 PM

views 87

কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদৰ শপতগ্রহণ

♦ কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদে আজি শপতগ্রহণ কৰে। উপ বাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সংসদ ভৱনত তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়৷

April 3, 2024 1:33 PM

views 120

ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ আশা প্ৰকাশ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফৰ

♦ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হ'ব বুলি আশা প্ৰকাশ কৰিছে। ইছলামাবাদৰ সংসদ ভৱনৰ বাহিৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সুকীয়া পৃষ্ঠভূমি আছে। অৱশ্যে নিৰ্বাচনৰ পাছতহে এই সম্পর্ক উন্নত কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে পাকিস্তানে প্রায় উদ্যোগৰ দৰে সন্ত্ৰাসবাদৰো পৃষ্ঠপোষকতা কৰা বুলি আৰু ভাৰত বৰ্তমান সন্ত্ৰাসবাদীক আওকান কৰাৰ পক্ষপাতী নহয় বুলি মন্ত...

April 3, 2024 1:25 PM

views 91

দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত

বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰা আৰু অন্যান্যসকলৰ পৰা প্ৰায় ৯ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত কৰিছে। বাজেয়াপ্ত কৰা সকলো স্থাৱৰ সম্পত্তি দিল্লীৰ। বিধি বলৱৎকাৰী সঞ্চালকালয়ে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত এই সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছে। দিল্লী জল বোৰ্ডৰ দুৰ্নীতি সন্দৰ্ভত চি বি আইয়ে ৰুজু কৰা এজাহাৰৰ ভিত্তিত সঞ্চালকালয়ে তদন্ত আৰম্ভ কৰিছে। এজাহাৰত জগদীশ কুমাৰ আৰোৰাই ফ্ল মিটাৰৰ ঠিকা বৰ্ধিত দৰত এটা ব্য...

April 3, 2024 1:16 PM

views 127

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ’ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ অৰিন্দম বাগচিৰ

♦ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে কালি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ'ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত দুয়োগৰাকী নেতাই গোলকীয় স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগিতাকে ধৰি পৰম্পৰাগত ঔষধ আৰু ডিজিটীয় স্বাস্থ্যৰ বিষয়ে আলোচনা কৰে বুলি উল্লেখ কৰা হৈছে ৷ বিদেশ মন্ত্ৰালয়ৰ প্ৰাক্তন মুখপাত্র শ্রীবাগচীক বিগত অক্টোবৰত জেনেভাত ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ভাৰতৰ পৰৱৰ্তীগৰাকী স্থায়ী প্রতি...

April 2, 2024 7:21 PM

views 66

চট্টিশগড়ত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৯জন মাওবাদী নিহত

♦ চট্টিশগড়ত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯জন মাওবাদী নিহত হয়। চি আৰ পি এফ, কোব্ৰা বেটেলিয়ন, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য্য বাহিনীৰ এটা যৌথ দলে বাস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলাৰ গংগালুৰ এলেকাত চলোৱা তালাচী অভিযানৰ সময়ত কেন্দ্ৰ-কোৰচ'লি বনাঞ্চলত সূত্রপাত হোৱা গুলিয়াগুলিত এই মাওবাদীকেইজন নিহত হয়। গুলিয়াগুলিৰ পাছত সুৰক্ষা কৰ্মীয়ে মাওবাদীৰ ৯টা শৱদেহ উদ্ধাৰ কৰে। সংঘৰ্ষ স্থলীৰ পৰা এটা এল এম জি, এটা বেৰেল গ্রেনেড লঞ্চাৰসহ ভালেমান অস্ত্র-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ হয়।

April 2, 2024 1:30 PM

views 64

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

♦ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কালি দুগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি মহাৰাষ্ট্ৰৰ অক'লা সমষ্টিত অভয় কাশীনাথ পাৰ্টিলে আৰু তেলেংগানাৰ ৱাৰাংগল সমষ্টিত কাডিয়াম কাব্যই নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।

April 2, 2024 1:48 PM

views 47

হিন্দুস্তান এৰ’ন’টিক্স লিমিটেডৰ গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ-228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্‌ট প্ৰদান

♦ হিন্দুস্তান এৰ'ন'টিক্স লিমিটেডে গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ 228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্‌ট প্ৰদান কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী কয় যে, বয়িং C-17 শ্ৰেণীৰ দুখন গ্লোব মাষ্টাৰ সামৰিক পৰিবহণ বিমানৰ জৰিয়তে ডৰ্নীয়াৰ এয়াৰক্রাফ্‌ট দুখন কালি বিয়লি চেড্ডী জাগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। ইপিনে বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কৈছে যে, এই কাৰ্যই ভাৰত-গায়ানা দ্বিপাক্ষিক সম্পৰ্কত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে। Read More News ...

April 2, 2024 1:11 PM

views 97

কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীৰ তীব্র প্রতিক্রিয়া

◊ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীয়ে তীব্র প্রতিক্রীয়া প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, দিল্লীৰ আদালতে সুনির্দিষ্ট প্ৰমানৰ ভিত্তিত তেওঁক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিছে। তেওঁ লগতে কয় এই গোচৰত দিল্লী চৰকাৰৰ স্থিতি ক্রমান্বয়ে স্পষ্ট হ'বলৈ আৰম্ভ কৰিছে।  Read More News :  ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাব...