বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰা আৰু অন্যান্যসকলৰ পৰা প্ৰায় ৯ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত কৰিছে। বাজেয়াপ্ত কৰা সকলো স্থাৱৰ সম্পত্তি দিল্লীৰ। বিধি বলৱৎকাৰী সঞ্চালকালয়ে ক’লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত এই সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছে। দিল্লী জল বোৰ্ডৰ দুৰ্নীতি সন্দৰ্ভত চি বি আইয়ে ৰুজু কৰা এজাহাৰৰ ভিত্তিত সঞ্চালকালয়ে তদন্ত আৰম্ভ কৰিছে। এজাহাৰত জগদীশ কুমাৰ আৰোৰাই ফ্ল মিটাৰৰ ঠিকা বৰ্ধিত দৰত এটা ব্যক্তিগত কোম্পানীক ৩৮ কোটি টকাত প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে।
Assamese | April 3, 2024 1:25 PM | Delhi | India | India Govt.
দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত