◊ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানচ ৫০ শতাংশ স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰী, ৰাজহুৱা ওজৰ- আপত্তি নিষ্পত্তি আৰু প্ৰশিক্ষণ মন্ত্ৰ্যালয়ে ২০১৮ চনৰ নিৰ্দেশনা অনুযায়ী এই সিদ্ধান্ত লৈছে। ২০১৮ চনৰ নিৰ্দেশনা অনুসৰি মৰগীয়া বানচ ৫০ শতাংশ বৃদ্ধি পালে ভাট্টা আৰু ৰাজ সাহায্য ২৫ শতাংশ বৃদ্ধি পায়। মন্ত্ৰ্যালয়ে গ্রহণ কৰা সিদ্ধান্ত অনুযায়ী শিক্ষা ভাট্টা প্রতি মাহে ২,৮১২ টকা আৰু ছাত্ৰাবাস ৰাজ সাহায্য প্রতি মাহে ৮,৪৩৭ টকা ধাৰ্য্য কৰা হৈছে। দিব্যাংগ শিশুৰ বাবে শিক্ষা ভাট্টাৰ ধনৰাশি ৫,৬২৫ টকা হ’ব।
Assamese | May 2, 2024 11:57 AM | Central Govt. Employee | India Govt.
কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ