◊ আম আদমী পাৰ্টীয়ে আজি অভিযোগ কৰে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি আপৰ নেতা সঞ্জয় সিঙে অভিযোগ কৰে যে সাংসদ মগুন্তা ৰেড্ডীক কেজৰিৱালৰ বিৰুদ্ধে ভুৱা বক্তব্য দিবলৈ হেঁচা প্ৰদান কৰা হৈছিল আৰু যেতিয়া তেওঁ নাকচ কৰিছিল তেতিয়া তেওঁৰ পুত্ৰ ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ লগতে কয় যে নিৰন্তৰ সোধা-পোছাৰ অন্তত ৰাঘৱ ৰেড্ডীয়ে কেজৰিৱালৰ বিৰুদ্ধে নিজৰ বক্তব্য সলনি কৰে আৰু ইয়াৰ ফলতে আপৰ নেতাসকলক ভুৱা অভিযোগত অভিযুক্ত কৰাৰ ষড়যন্ত্ৰত জড়িত হৈ পৰে ইপিনে, দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ সদেৱাই আম আদমী পাৰ্টীৰ নেতাসকলে সুৰা কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত অহৰহ বিভ্ৰান্তিকৰ বক্তব্য প্ৰদান কৰা বুলি অভিযোগ কৰে। তেওঁ লগতে কয় যে এই গোচৰত শ্ৰী সিঙে জামিন পোৱাৰ অৰ্থ এইটো নহয় যে গোচৰটো বন্ধ হৈ গৈছে। সচ্দেৱাই লগতে যদিহে সুৰা নীতি ভালেই আছিল তেন্তে দিল্লী চৰকাৰে এই নীতি কিয় সলনি কৰিলে বুলি প্ৰশ্ন কৰে।
Assamese | April 5, 2024 8:44 PM | AAP | Arvind Kejriwal | BJP | India | India Govt. | Kejriwal
আপৰ অভিযোগঃ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে