October 26, 2024 6:16 PM

views 61

বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া আসন্ন উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰী পীযূষ হাজৰিকাই বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । ইয়াৰ লগতে তেওঁ চামগুৰি সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী দিল্লুৰঞ্জন শৰ্মাৰ হৈও প্ৰচাৰত অংশ লয়। ইপিনে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি ছিদলী সমষ্টিৰ মনোনীত প্রার্থী সঞ্জীৱ ৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ মাজতে তে...

October 22, 2024 8:08 PM

views 33

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ‍ বৃদ্ধি পাইছে। ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই আজি কাছাৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে, বঙাইগাঁৱৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত আজি সমাগত উপ-নির্বাচন সন্দৰ্ভত অসম গণ পৰিষদ, বিজেপি আৰু ইউ পি পি এল দলৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়। এই সভাত বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীৰ লগতে তিনিওটা দলৰ ভালেসংখ্যক নেতা-কর্মী উপস্থিত থাকে। বঙাইগাঁও জিলাত উপ-নিৰ্বাচনৰ প...

October 22, 2024 4:01 PM

views 49

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি কৰে। এই পৰ্যায়ত অহা ২০ নৱেম্বৰত ৰাজ্যখনত ৩৮ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ২৯ অক্টোবৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ৩০ অক্টোবৰত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে পহিলা নৱেম্বৰলৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। ৰাজ্যখনত এইবাৰ ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ২৩ নৱেম্বৰত ভোট গণনা কৰা হ'ব। ইপিনে ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ ভোট...

October 22, 2024 2:58 PM

views 49

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ২১ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

কংগ্ৰেছে ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি মন্ত্ৰী ৰামেশ্বৰ ওৰাৱনে লোহাড়দাগা আৰু দলৰ জ্যেষ্ঠ ডা০ অজয় কুমাৰে জামছেদপুৰ পূব বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে ঝাৰখণ্ডৰ মন্ত্ৰী ডা০ ইৰফান আনছাৰীক তেওঁৰ বৰ্তমানৰ সমষ্টি জামতাৰাৰ পৰা প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে। দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰিছে।

October 22, 2024 2:56 PM

views 50

মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্রথমখন প্রার্থী তালিকা প্রকাশ

ৰাজ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্রথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। দলটোৱে কল্যাণ কৰেল সমষ্টিৰ পৰা ৰাজু পাৰ্টিলক আৰু থানে সমষ্টিৰ পৰা অবিনাশ যাদৱক প্ৰক্ষেপ কৰিছে।

October 15, 2024 7:03 PM

views 48

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন, অসমৰ ৫ টা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা

নির্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ উপৰি অসমৰ ৫ টাকে ধৰি দেশৰ ৪৮ বিধানসভা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত খালী হোৱা আসন ৫ খনৰ বাবে অহা ১৩ নৱেম্বৰত নিৰ্বাচন হ'ব। সেইদিনাখনেই ৱাইনাড সংসদীয় আসনখনৰ বাবেও উপ নির্বাচন অনুষ্ঠিত হ'ব। আনহাতে, মেঘালয়ৰ এখন আৰু চিকিমৰ দুখন বিধানসভা আসনৰ বাবে উপ নির্বাচন অনুষ্ঠিত হ'ব। ইপিনে, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰত নন্দেৰ বিধানসভা আসনৰ বাবে ২০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইপ...

October 7, 2024 11:13 AM

views 67

হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন

● হাৰিয়ানাত ৯০টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ৯০টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে, ২২ খন জিলাৰ সদৰসমূহত এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। কাল্‌ল্কা আৰু পঞ্চকুলা সমষ্টিৰ ভোটগণনা পঞ্চকুলাত, নাৰায়ণগড়, আম্বালা কেন্টনমেণ্ট, আম্বালা চিটী আৰু মুল্লানা আসন কেইখনৰ বাবে আম্বালাৰ চাৰিটা কেন্দ্ৰত আৰু য়মুনা নগৰ জিলাৰ চাৰিখন আসনৰ বাবে য়মুনা নগৰৰ কেন্দ্ৰসমূহত ভোটগণনা কৰা হ'ব বুলি তেওঁ সদৰী কৰে। তেওঁ লগতে কয় যে, সকলো স্ট্রং ৰূম চি চি টিভিৰ পৰ্যবেক্ষণত ...

October 5, 2024 1:17 PM

views 58

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালাই কৈছে যে, ভোটগ্রহণ মুক্ত, স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ লগতে ৱেব কাষ্টিঙৰো ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে, যদিহে কোনো ভোটাৰৰ ভোটাৰ তালিকাত নাম নাই আৰু তেওঁৰ হাতত ...

October 5, 2024 9:43 AM

views 71

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। কিছু সময় আগতে আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালাই কৈছে যে, ভোটগ্রহণ মুক্ত, স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ লগতে ৱেব কাষ্টিঙৰো ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে, যদিহে কোনো ভোটাৰৰ ভোটা...

October 4, 2024 2:53 PM

views 60

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত মুঠ এহেজাৰ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত ৯৩০জন পুৰুষ আৰু ১০১গৰাকী মহিলা প্রার্থী আছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে এই প্ৰাৰ্থীসকলৰ ভিতৰত ৪৬৪গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও আছে। কাইলৈ ৰাজ্যখনৰ ২ কোটিতকৈও অধিক ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইতিমধ্যে এই নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে মুঠ ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্রহণ পুৱা...